ETV Bharat / state

Tense Situation in Jonai: জোনাইৰ মাজিআলি মুনমুনি চাপৰিত খেতিয়ক আৰু গো-পালকৰ সংঘাত

author img

By

Published : Jul 5, 2023, 7:18 AM IST

জোনাইৰ মাজিআলি মুনমুনি চাপৰিত পুনৰ উত্তেজনা ৷ গো-পালক আৰু খেতিয়কৰ সংঘাতত আহত কেইবাজনো লোক ৷

Tense Situation at Munmuni Chapori in Jonai
মুনমুনি চাপৰিত পুনৰ উত্তেজনা

খেতিয়ক আৰু গো-পালকৰ সংঘাত

জোনাই, 5 জুলাই: ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত জোনাইৰ মাজিআলি মুনমুনি চাপৰিত পুনৰ উত্তেজনা ৷ গো-পালক আৰু খেতিয়কৰ মাজত সংঘাতৰ ফলত আহত কেইবাজনো লোক ৷ মঙলবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷

জোনাইৰ মাজিআলি মুনমুনি চাপৰিত সময়ে সময়ে গো-পালক আৰু খেতিয়কৰ মাজত সৃষ্টি হৈ অহা সংঘাতে মঙলবাৰে সন্ধিয়া গুৰুতৰ ৰূপ ধাৰণ কৰে ৷ সন্ধিয়া কেইবাশতাধিক উত্তেজিত খেতিয়কে হাতে হাতে দা- লাঠী, চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে চাপৰিৰ গো-পালকক ৷ খেতিয়কৰ আক্ৰমণৰ ফলত প্ৰায় 19 জনতকৈও অধিক গো-পালক আহত হয় ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে গো-পালকসকলে নিজা খুটিত এখন সভা অনুষ্ঠিত কৰি থকা অৱস্থাতে কেইবাশতাধিক উত্তেজিত খেতিয়কে হাতে হাতে চোকা অস্ত্ৰ, জাঠি-জোং লৈ সভা কৰি থকা গো-পালকক সকলক আক্ৰমণ কৰে ৷ গো-পালকক বেয়াকৈ মাৰধৰ কৰাত কোনোমতে প্ৰাণ লৈ পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ প্ৰাণৰ মমতাত পলাই থকা সকলক পৰিয়ালৰ লোক আৰু আন আন গো-পালকসকলে লুকাই থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনে ৷ ইয়াৰে আহত 11 জন গো-পালকক জোনাই অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আনহাতে সংকটজনক অৱস্থাত থকা তিনিজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

চিকিৎসাধীন হৈ থকা আহত সকল হৈছে খগেন কুলি, ৰাজেশ পাইত, কানাই পেগু, তাপাই পাতিৰ, লীলাধৰ কুলি, দিননাথ কুটুম, বিদ্যা পেগু, কৃষ্ণ কান্ত পেগু, চক্ৰজিত চাহৰ, গংগা পাতিৰ, ভীস্মকান্ত পেগু ৷ ইফালে আন কেইবাজনো লোক সন্ধাহীন হৈ থকা বুলি জানিব পাৰি জোনাই আৰক্ষী , SDRF বাহিনীয়ে তেওঁলোকক উদ্ধাৰৰ বাবে অভিয়ান অব্যাহত ৰাখিছে ৷ এই ঘটনাক লৈ অঞ্চলটোত এক চেঁপা উত্তেজনাই বিৰাজ কৰি আছে ৷

উল্লেখযোগ্য যে, ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মাজিআলি মুনমুনি চাপৰিৰ 1 নং দাগৰ 2,185 বিঘা ভূমি 1992 চনত আৰু 2 নং দাগৰ 15,735 বিঘা ভূমি 2010 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত প্ৰতিবেদনত চৰণীয়া ভূমি হিচাপে প্ৰদান কৰে গো-পালকসকলক ৷ কিন্তু খেতিয়ক ৰাইজৰ অভিযোগ মৰ্মে যোৱা এপ্ৰিল মাহত ASSAM SURVEY অনুসৰি মুনমুনি মাজি আলি, গালী চাপৰিৰ মুঠ 17,920 বিঘা ভূমিৰ পৰিবৰ্তে ওলাই পৰিছিল 19,880 বিঘা ভূমি ৷ সেই অনুসৰি অতিৰিক্ত 1,980 বিঘা ভূমি অ-সংৰক্ষিত ভূমি হিচাপে জোনাই ৰাজহ বিভাগে ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: Cattle smuggling: বিহালীত উৎখাত গৰু চোৰ চক্ৰ, 32 টা গৰু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.