জোনাই ১৩ ফেব্ৰুৱাৰী: জোনাই মূৰ্কংচেলেক মহাবিদ্যালয়ত খালী হৈ থকা বড়ো মাধ্যমৰ প্ৰবক্তা নিযুক্তি পৰীক্ষাকলৈ (Bodo medium lecturer recruitment exam) সোমবাৰে পুৱা মহাবিদ্যালয়খনৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ নিযুক্তি পৰীক্ষাৰ বিজ্ঞাপনৰ ভিত্তিত প্ৰবক্তা পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা প্ৰাৰ্থীসকলক বিদ্যালয়ত প্ৰৱেশত বাধা দিয়াত সৃষ্টি হয় এই পৰিস্থিতিৰ (Tense Situation at Jonai) ৷
উল্লেখ্য যে, মূৰ্কংচেলেক মহাবিদ্যালয়ত (Murkong Selek College Jonai) খালী হৈ থকা বড়ো মাধ্যমৰ প্ৰবক্তা পদত হৰেণ ব্ৰহ্মৰ নামৰ লোকজনে বহুবছৰ ধৰি বিনা বেতনেৰে অধ্যপনা কৰি আহিছে । উক্ত পদৰ নিযুক্তিৰ বাবে ১৩/০২/২০২৩ তাৰিখে অসম চৰকাৰে লিখিত পৰীক্ষা বাবে বিজ্ঞাপন দিয়ে । উক্ত বিজ্ঞাপনৰ ভিত্তিত একেটা পদতে অন্য চাৰিজন প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আজি উপস্থিত হয় মহাবিদ্যালয়খনত ৷
উক্ত পদটোৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি অৱগত হোৱাৰ পাচতে হৰেণ ব্ৰহ্মৰ পৰিচিতসকলৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ক্ষোভত ফাটি পৰে ৷ ইয়াৰ পাছত আজি পুৱা লিখিত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে হৰেণ ব্ৰহ্মৰ আত্মীয়ৰ লগতে স্থানীয় লোক তথা ছাত্ৰ-ছাত্ৰী মূৰ্কংচেলেক মহাবিদ্যালয়ৰ গেটৰ সন্মুখত উপস্থিত হৈ উত্তাল কৰি তোলে পৰিবেশ ৷ তেওঁলোকে প্ৰাৰ্থীকেইজনকো আৱদ্ধ কৰি লিখিত পৰীক্ষাত অৱৰ্তীণ হোৱাতো বাধা দিয়ে ৷
তেওঁলোকে বিনা বেতনেৰে মহাবিদ্যালয়খনত অধ্যাপনা কৰি থকা হৰেণ ব্ৰহ্মই চাকৰিটো পাব লাগে বুলি দাবী জনাই বাকী পৰীক্ষাৰ্থীসকলক গেটৰ সন্মুখত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, জোনাই প্ৰশাসনৰ লগতে দণ্ডাধীশ উপস্থিত হৈ পৰীক্ষা শান্তিপূৰ্ণ বাবে অনুষ্ঠিত কৰিবলৈ প্ৰতিবাদকাৰীক বাৰে বাৰে অনুৰোধ জনায় ৷ কিন্তু প্ৰশাসনৰ অনুৰোধ স্বত্বেও প্ৰতিবাদকাৰীসকলে গেট ঠেলি মহাবিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷
ইফালে, মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত হৰেন ব্ৰহ্মৰ আত্মীয় তথা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ঘন্টা ঘন্টা ধৰি হৰেণ চাৰক লাগিব, নতুন প্ৰবক্তা নালাগে, আমাক ন্যায় লাগিবই আদি বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বাক-বিতণ্ডাৰ লগতে হতাহতিৰ সৃষ্টি হয় (Police Clash With Protestors at Dhemaji) ৷
অৱশ্যে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিযুক্তি পৰীক্ষাৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত হয় ৷ ইফালে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত জোনাই আৰক্ষীয়ে সোধপোচৰ বাবে এগৰাকী মহিলাসহ ৪ জনক আটক কৰিছে ৷ জোনাই আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰো ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Bhauna perform at Gargaon College: গড়গাওঁ মহাবিদ্যালয়ত ভাওনা প্ৰদৰ্শন