ETV Bharat / state

Maternal death: চিকিৎসকৰ হেমাহিৰ ফলত প্ৰসূতিৰ মৃত্যুৰ অভিযোগ - Maternal death due to doctors negligence

ধেমাজি জিলাৰ জোনাইৰ ৩০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ হেমাহিৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কৰ্তব্যৰত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷

Tense situation at Jonai Civil hospital
চিকিৎসকৰ হেমাহিৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যুৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 7:41 PM IST

চিকিৎসকৰ হেমাহিৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যুৰ অভিযোগ

জোনাই, ৮ অক্টোবৰ : ধেমাজি জিলাৰ জোনাইৰ ৩০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত অঘটন ৷ চিকিৎসকৰ হেমাহিৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিচতে এতিয়া চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা জোনাইৰ অয়ান জেলম গাঁৱৰ কৃষ্ণা পেগু নামৰ এগৰাকী প্ৰসূতিক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ নিশা মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ পিচতেই তেওঁৰ ৰক্তক্ষৰণ হৈ স্বাস্থ্যৰ অৱনতি ঘটে ৷ লগে লগে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নিশা কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ জ্যোতিষ দলেক যোগাযোগ কৰে ৷ কিন্তু চিকিৎসকজনে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত প্ৰসূতিগৰাকী ৰক্তক্ষৰণ হৈ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, নিশা মহিলাগৰাকীৰ স্বাস্থ্য ক্ৰমাৎ অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিবৰ বাবে চিকিৎসকজনক পৰিয়ালৰ লোকে বাৰে বাৰে আহ্বান জনাইছিল যদিও পৰিয়ালৰ লোকৰ কোনোধৰণৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে ৷ চিকিৎসালয় কৰ্তৃপক্ষই ওৰে নিশা চিকিৎসালয়তে অসুস্থ প্ৰসূতিগৰাকীক চিকিৎসাৰ নামত ৰাখি থয় । তাৰ পিচতে মহিলাগৰাকীৰ ৰক্তক্ষৰণ হৈ থকাৰ পিচতে দেওবাৰে পুৱা মহিলাগৰাকীক অৰুণাচলৰ পাচিঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ।

এই ঘটনাৰ পিচতে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসাৰ নামত হেমাহি কৰা চিকিৎসকজনৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে বিষয়টোত হস্তক্ষেপ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Govt employee detained: কান্দি-কাটি হায়ৰাণ খঁকুৱা জুনু কলিতাৰ পুত্ৰ-স্বামী, সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.