ধেমাজি , ২৫ জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক ছূড়ান্ত পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰতে দশম স্থান দখল কৰি ধেমাজি জিলাৰ চিচিবৰ গাঁওবাসীলৈ গৌৰৱ কঢ়িয়াইছে অংকিতা ভূঞাই ৷ অংকিতাই মুঠ 466 নম্বৰ লাভ কৰে ৷ চিচিবৰ গাঁও শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা অংকিতাই এইবাৰ ধেমাজিৰ কিৰণ একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইপিনে অংকিতাৰ সফলতাক লৈ উৎফুল্লিত হৈ ধেমাজিৰ কিৰন একাডেমীৰ শিক্ষকসকল ৷
উল্লেখ্য যে এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা অংকিতাৰ পিতৃ লক্ষীনাথ ভূঞা এখন ভেন্সাৰ এম ই স্কুলৰ প্ৰধান শিক্ষক । ২০০৪ চনৰেপৰা ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি অহা অংকিতাৰ পিতৃৰ নাই কোনো স্থায়ী উপাৰ্জন আৰু মাতৃ নিৰু ভূঞা এগৰাকী গৃহিণী ৷ আৰ্থিকভাৱে অতি দুৰ্বল অংকিতাৰ পিতৃ মাতৃয়ে অংকিতাক দিব পৰা নাছিল পৰ্যাপ্ত সা-সুবিধা । তথাপিও তেওঁলোকে হাঁহ কুকুৰা পালন কৰি হলেও যৎপৰোনাস্তি চেষ্টা কৰিছিল অংকিতাক পঢ়াৰ এটা পৰিৱেশ দিবলৈ । আজি কন্যাৰ সফলতাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে অংকিতাই ।
লগতে পঢ়কঃ তিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্যৰ দাবী