ETV Bharat / state

I Love Poba : পবাৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে ফলক মুকলি টীম জোনাইৰ

author img

By

Published : Nov 22, 2021, 6:54 PM IST

জোনাইৰ স্বেচ্ছাসেৱী সংগঠন ‘টীম জোনাই(Team Jonai)য়ে মুকলি কৰিছে ‘আই লভ পবা’(I LOVE POBA) নামৰ এখন আকৰ্ষণীয় ফলক ৷ পবা বৰ্ষাৰণ্য(Poba Rainforest)ৰ তিনিমাইল বিটৰ সমীপত স্থাপন কৰা হৈছে এই ফলকখন ৷ পবাৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লৈছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

team-jonai-launches-i-love-poba-plaque-to-enhance-the-beauty-of-poba-rainforest
পবাৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে ফলক মুকলি

জোনাই, 22 নৱেম্বৰ : পবা বৰ্ষাৰণ্য(Poba Rainforest)ৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠন ‘টীম জোনাই(Team Jonai)য়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সংস্থাটোৱে মুকলি কৰিছে ‘আই লভ পবা’(I LOVE POBA) নামৰ এখন আকৰ্ষণীয় ফলক ৷

ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল পবাত পৰ্যটকক দৃষ্টিগোচৰ কৰিবলৈ পবাৰ তিনিমাইল বিটৰ সমীপত স্থাপন কৰা I LOVE POBAৰ ফলকখন মুকলি কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) তথা জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেই ৷

এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু জোনাই মহকুমা বনাঞ্চলিক বিষয়া মুকুট ৰাভাই ৷ ফলকখন মুকলি কৰাৰ পাচতে অৰ্কিড ৰোপন কৰে জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেই ৷ উল্লেখ্য যে, জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান হ’ল তিলিমাইল বিটৰ নিচেই কাষৰ চিয়াং নৈৰ পাৰ ৷

পবাৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে ফলক মুকলি

তিনিমাইল বিটৰ চিয়াং নৈৰ পাৰ অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নৰ লগতে পিকনিকৰ বাবে এক উপযুক্ত স্থান ৷ বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল বিটত দেখা যায় দেশী-বিদেশী পৰ্যটকৰ উপস্থিতি ৷ চিৰ সেউজীয়া বনাঞ্চলৰ কাষতে থকা চিয়াঙৰ নৈসৰ্গিক সৌন্দৰ্যৰ লগতে পৰিভ্ৰমী চৰাই চাবলৈ বছৰত ভিৰ কৰে বহু পৰ্যটক ৷

সেয়ে পৰ্যটকসকলক অধিক আৰ্কষণ কৰিবলৈ চিয়াং নৈৰ পাৰত থকা গছসমূহত ৰং কৰি অধিক আকৰ্ষণীয় কৰি তুলিছে টীম জোনাইৰ সদস্যসকলে৷ স্বেচ্ছাসেৱী সংগঠনটোৰ আহ্বান ‘‘আহক আমি সকলোৱে মিলি পবাক সংৰক্ষণ কৰো ৷ ইয়াৰ সৌন্দৰ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰো’’ ৷

লগতে পঢ়ক : Poba rain forest : পবা বৰ্ষাৰণ্যলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ টীম জোনাইৰ প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.