ETV Bharat / state

জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক - Road accident at dhemaji

ধেমাজিৰ জোনাইৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱাহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত মৃত্যু হয় বৰজোন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীনাৰায়ণ দলেৰ ৷

জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক
জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক
author img

By

Published : Apr 23, 2021, 11:08 AM IST

জোনাই,23 এপ্ৰিল : বৃহস্পতিবাৰে সন্ধিয়া ধেমাজিৰ জোনাইত সংঘটিত হয় এক শোকাৱাহ পথ দুৰ্ঘটনা ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু অট'ৰ মাজত হোৱা সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে বৰজোন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীনাৰায়ণ দলেয়ে ৷

জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক
জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক

জোনাইৰ চিগা পঞ্চায়তৰ অন্তৰ্গত বৰজোন গাঁৱৰ নিবাসী তথা বৰজোন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীনাৰায়ণ দলেয়ে নিজৰ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাতে তীব্র বেগত অহা এখন অট'ৱে প্ৰচণ্ড জোৰ খুন্দা মৰাত পথৰ ওপৰতে চিটিকি পৰে ৷ স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত শিক্ষকগৰাকীক ডিব্ৰুগড়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ শিক্ষক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক: কাল ক'ৰণাই প্ৰাণ ল'লে যোৰহাটৰ ক্ৰীড়া সংগঠকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.