ETV Bharat / state

চৰকাৰে দুমুখীয়া নীতি পৰিহাৰ কৰক : সদৌ চুতীয়া জাতি সন্মিলন

author img

By

Published : Sep 11, 2020, 9:20 AM IST

সদৌ চুতীয়া জাতি সন্মিলনৰ ধেমাজি আৰু জোনাই জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজিৰ সতী সাধনী ভৱনত অনুষ্ঠিত হয় এখন ৰাজনৈতিক সচেতনতা সভা ৷ চুতীয়া সকলকো স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ দাবী জনায় সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াই ৷

Sutia community
Sutia community

ধেমাজি, 11 ছেপ্টেম্বৰ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক লৈ জনজাতি সমূহৰ মাজত ক্ষোভ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ চুতীয়া সকলৰ ৷ চৰকাৰে চুতীয়া জাতিক কেৱল নিবাৰ্চনী টোপ হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি ক্ষোভ ব্য়ক্ত কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াই ৷ সদৌ চুতীয়া জাতি সন্মিলনৰ ধেমাজি আৰু জোনাই জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজিৰ সতী সাধনী ভৱনত অনুষ্ঠিত হয় এখন ৰাজনৈতিক সচেতনতা সভা ৷ এই ৰাজনৈতিক সচেতনতা সভাত অংশগ্ৰহণ কৰাৰ পাচতেই সাংবাদিকৰ আগত এইদৰে সদৰী কৰে সম্পাদকগৰাকীয়ে ৷

তদুপৰি সম্পাদকগৰাকীয়ে কয় যে, শেহতীয়াকৈ ছয় জনগোষ্ঠীৰ ঐক্যবদ্ধ সংগ্ৰাম খনক বেমেজালি সৃষ্টি কৰি ইয়াৰে তিনিটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰি সংগ্ৰামখন বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে । সেয়ে চুতীয়া সকলকো স্বায়ত্তশাসন প্ৰদান কৰিবলৈ দাবী জনায় সম্পাদকগৰাকীয়ে ৷

চুতীয়া সকলকো স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ দাবী

তেওঁ আৰু কয় যে, চুতীয়া লোকসকল সচেতন হৈছে ৷ নিজৰ প্ৰাপ্যৰ দাবীত ৰাজনৈতিক সচেতনতা সভা অনুষ্ঠিত কৰি এখন ৰাজনৈতিক মঞ্চ গঠনৰ দিশে অগ্ৰসৰ হৈছে যদিও কোনো ৰাজনৈতিক দল গঠন নকৰে তেওঁলোকে ৷ ইয়াৰ বিপৰীতে ৰাজনৈতিক মঞ্চৰ জৰিয়তে ৰাজনৈতিক চিন্তা চৰ্চাৰে দিশ নিৰ্ণয় কৰিব বুলি মন্তব্য কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক : বিজেপি চৰকাৰ ধৃতৰাষ্ট্ৰৰঃ সাংসদ আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.