ETV Bharat / state

Poor Transportation in Jonai : জোনাইত বিদ্যালয়লৈ বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ - কণ কণ ছাত্ৰ ছাত্ৰী

জোনাইৰ কেমি- জেলমত এখন দলঙৰ অভাৱত ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে ৷ খৰস্ৰোতা এখন পাহাৰীয়া নদী পাৰ হৈ কণ কণ ছাত্ৰ-ছাত্ৰী সকল যাব লাগে বিদ্যালয়লৈ ৷ কানসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷

Students Have to Swim to Attend School In Jonai
বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ
author img

By

Published : Aug 10, 2023, 8:41 PM IST

দলঙৰ অভাৱত জীয়াতু ভুগিছে ৰাইজে

জোনাই, ১০ আগষ্ট : ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী কেমি- জেলমত এখন দলঙৰ অভাৱত ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে ৷ জীৱন মৰণৰ যুঁজেৰে খৰস্ৰোতা এখন পাহাৰীয়া নদী পাৰ হৈ কণ কণ ছাত্ৰ-ছাত্ৰী সকল যাব লাগে বিদ্যালয়লৈ ৷ গুৰুত্ব নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷

জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী বৃহত্তৰ কেমি অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে কেমি নদীৰ উপৰেৰে দৈনিক বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে ৷ কিন্তু আজিকোপতি বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিলে অসম চৰকাৰ কিম্বা স্থানীয় জনপ্ৰতিনিধিয়ে ৷ বৃহত্তৰ অঞ্চলটোত থকা একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়লৈ অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা কেমি নদীত মৰণক শৰণ দি ছাত্ৰ-ছাত্ৰীয়ে স্কুললৈ যোৱাৰ বাদে নাই কোনো বিকল্প পথ ৷

অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি, ঐৰামঘাট, জামপানীকে ধৰি চাৰিখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে কেমি নদী পাৰ হৈ দৈনিক বিপদসংকুলভাবে যাতায়ত কৰি যায় আলোকৰ সন্ধানত ৷ কেমি নদী পাৰ হঁওতে দৈনিক অভিভাৱক সকলে হাতত ধৰি বা ইজনে সিজনৰ হাতত ধৰি পাৰ কৰিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকলক ৷ কাৰণ খৰস্ৰোতা নদীখনৰ শিলবোৰ অতি পিছল হোৱাৰ হেতুকে যিকোনো সময়তে পিছলি নদীত উটি যাব পাৰে ছাত্ৰ-ছাত্ৰী ৷

জানিব পৰামতে বাৰিষা খৰস্ৰোতা নদীখন পাৰ হ’ব নোৱাৰাত কেমি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্তব্ধ হৈ পৰে স্কুল যাত্ৰা ৷ কাৰণ নৈখনৰ বাদে স্কুললৈ যাবলৈ বিকল্প পথ বিছাৰিলে প্ৰায় ১০-১১ কিলোমিটাৰ সোমাই যাব লাগিব অৰুণাচলৰ পৰা ৷ অৱশ্যে অকল ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতে নহয়, বৃহত্তৰ অঞ্চলটোৰ ৰাইজেও কেমি নদীৰ ওপৰত দলং নথকাত বছৰ বছৰ ধৰি ভুগি আছে এশ এবুৰি সমস্যা ৷

উল্লেখ্য যে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি চৰকাৰ তথা জনপ্ৰতিনিধিক আবেদন-নিবেদন জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াত উপায়হীন ৰাইজে আগন্তুক বিধান সভাই হওক বা লোকসভাই হওক ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Cloudburst Sirmaur Himachal Pradesh : হিমাচলত ডাৱৰ বিস্ফোৰণত খহি পৰিল ঘৰ; নিহত ২

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.