ETV Bharat / state

Dhemaji College elections ধেমাজি মহাবিদ্যালয়ৰ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয়

author img

By

Published : Feb 16, 2021, 2:05 PM IST

Updated : Oct 29, 2022, 2:24 PM IST

ধেমাজি মহাবিদ্যালয়ৰ ২০২০ ২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা সমৰ্থিত আটাইকেইজন প্ৰাৰ্থীয়ে জয়লাভ কৰে Dhemaji College elections.

ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভা আছুৰ  সমথি"ত প্ৰাথী বিজয়ী

ধেমাজি,16 ফেব্ৰুৱাৰীঃ ধেমাজি মহাবিদ্যালয়ত বৈছে আনন্দৰ বন্যা ৷ ধেমাজি মহাবিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা সমৰ্থিত আটাইকেইজন প্ৰাথীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় (Dhemaji College elections) । ছাত্ৰ একতা সভাৰ সভাপতি পদত জাছিংফা গগৈ, বহিঃক্ৰিয়া বিভাগত দীপক দিহিঙীয়া, তৰ্ক আৰু আলোচনা বিভাগত গৰিমা চুতীয়া, ছাত্ৰী জিৰণি কোঠাত বৈশালী গগৈ, ছাত্ৰ জিৰণি কোঠাত মৌচুম বৰুৱা, শৰীৰ চৰ্চা বিভাগত বিজিত বৰুৱাই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ৷ পৰৱৰ্তী সময়ত সোমবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত সাধাৰণ সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী শ্বজিত দত্তই নিকটতম প্ৰতিদ্বন্দী যগেশ্বৰ টাইডক ১৫০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

আনহাতে সহ-সাধাৰণ সম্পাদক পদত প্ৰিয়ংকা তাও, আলোচনী সম্পাদক পদত সৰুজনী লাগাছু, আন্তঃক্ৰীড়া পদত উজ্বল দলে, সাংস্কৃতিক সম্পাদক পদত বিশাখা বৰুৱাই বিপুল ভোটত জয়ী হয় । বিজয়ী প্ৰাৰ্থীসকলে ধেমাজি মহাবিদ্যালয়ৰ পৰা থানা তিনিআলিস্থিত শ্বহীদ বেদী প্ৰাংগণলৈ অহাৰ পাছত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাই আৰু সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিয়া তথা ছাত্ৰ সন্থাৰ অন্যান্য বিষয়-ববীয়াসকলে অভিনন্দন জনায় ৷ ইপিনে ধেমাজি মহাবিদ্যালয়ৰ লগতে ছাত্ৰ একতা সভাৰ সমূহ বিষয়-ববীয়াসকলক নিষ্ঠা আৰু সততাৰে নিজৰ কাম-কাজ সমূহ কৰি যাবলৈ আহ্বান জনাই জিলা ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলে ৷

লগতে পঢ়কঃ আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

Last Updated : Oct 29, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.