ETV Bharat / state

জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি - চাইন বৰ্ড

জোনাইত প্ৰচণ্ড ধুমুহা ৷ জোনাইত বিধ্বংসী ধুমুহাত কেইবা ঠাইতো ছিঙিল বিদ্যুতৰ তাঁৰ ৷ উভালি পৰিল খুঁটা, প্ৰকাণ্ড গছ, তচনচ হ’ল বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ৷

জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি
জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি
author img

By

Published : May 15, 2021, 4:55 PM IST

জোনাই ১৪ মে': ধেমাজী জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলায় ৷ আচম্বিতে অহা এইজাক ধুমুহাই জোনাইৰ জনজীৱন শনিবাৰে মুৰ্হুততে স্তদ্ধ কৰি পেলায় । আংশিক লকডাউন চলি থকাৰ বাবেই দুৰ্ঘটনা আদি সংঘটিত নহলেও হঠাতে বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাৰ ফলত জোনাইৰ বহু ঠাইত বিস্তৰ ক্ষতিসাধন হয় ৷

বৰষুণ লগতে অহা ধুমুহাৰ ফলত বিভিন্ন স্থানত গছ-গছনি ভঙাৰ উপৰিও অস্থায়ী চালিৰ লগতে বাট-পথৰ দাঁতিৰ হৰ্ডিং-চাইন বৰ্ড উৰুৱাই নিয়ে । প্ৰায় ১৫ মিনিটৰো অধিক সময় অব্যাহত থাকে এই ধুমুহাৰ তাণ্ডৱ । দিনৰ প্ৰায় ১১ বজাত অহা বৰষুণ আৰু বিধ্বংসী ধুমুহাই জোনাই ৰাজহ চক্ৰৰ আগাম দলুং, লৃচাং দলুং, তৰাজান, উদয়পুৰ, লাচিত নগৰ আদি অঞ্চলত গছ-গছনিৰ লগতে কিছু সংখ্যক ঘৰ-দুৱাৰো ভাঙি পৰে । বিশেষকৈ জোনাই গালী অঞ্চলত স্কুল ঘৰ ভাঙি ধুমুহাত অধিক ক্ষতিগ্ৰস্ত হয় । জোনাই মহকুমাত কেবাঠাইত বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ।

জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি

অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় বাউণ্ডাৰী ৱালৰ লগতে প্ৰকাণ্ড গছজোপা বিদ্যুতৰ লাইনত পৰি যোৱাৰ ফলত খুঁটা উভালি পৰাত বিশেষকৈ তেলাম আৰু বাহিৰ জোনাই অঞ্চলটোত ইয়াৰ মেৰামতি নোহোৱা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত থাকিব বুলি জোনাই মহকুমা বিদ্যুৎ বিভাগে জানিবলৈ দিছে ৷

লগতে পঢ়ক : কৰ'ণাই প্ৰাণ কাঢ়িলে মমতা বেনাৰ্জীৰ কণিষ্ঠ ভাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.