ETV Bharat / state

ধেমাজিত ৰাজ্যৰ প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ মুকলি - ধেমাজিত প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ মুকলি

ধেমাজিত ৰাজ্যৰ প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয় ৷ ধেমাজি ৰাজহ চক্ৰ বিষয়া অচ্যুত বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰটো(Folk medicinal treatment center opened in Dhemaji) ৷

First folk medicinal treatment center opened in Dhemaji
ৰাজ্যৰ ভিতৰতে ধেমাজিত প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ মুকলি
author img

By

Published : Feb 9, 2022, 1:57 PM IST

ধেমাজি,9 ফেব্ৰুৱাৰী : ধেমাজিত মুকলি হ'ল প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ (Folk medicinal treatment center opened in Dhemaji)৷ পৰম্পৰাগত পদ্ধতিৰে এই ঔষধি চিকিৎসা কেন্দ্ৰটোত কৰা হ'ব চিকিৎসা (Folk medicinal treatment )৷ ধেমাজি নগৰৰ সমীপৱৰ্তী তেলিজানত লোক ঔষধি সেৱা আশ্ৰমৰ অধীনত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ ভিতৰতে ধেমাজিত প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়(First folk medicinal treatment center) ৷

ধেমাজি ৰাজহ চক্ৰ বিষয়া অচ্যুত বৰুৱাই(folk medicine healing centre inaugural) এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ পতাকা উত্তোলন কৰে ৰাজ্যিক লোক ঔষধি চিকিৎসা সেৱা সমিতিৰ সভাপতি দেৱ কোছে ৷ ইয়াৰ পিছতে এখন কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত কৰি (Awareness program of Folk herbalists)পৰম্পৰাগত লোক ঔষধিৰ বিষয়ে উপস্থিত ৰাইজক বিস্তৃতভাৱে অৱগত কৰে অনুষ্ঠানত উপস্থিত অসমৰ বিভিন্ন জিলাৰ পৰা অহা লোক ঔষধি চিকিৎসক আৰু গৱেষকসকলে ৷

উল্লেখ্য যে, সাত হাজাৰ বছৰ পুৰণি প্ৰাচীনতম চিকিৎসা পদ্ধতি তথা লোক ঔষধি চিকিৎসা পদ্ধতিক বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ভাৰতবৰ্ষৰ পুৰণি চিকিৎসা পদ্ধতিক মান্যতা প্ৰদান কৰাৰ দিশে অগ্ৰসৰ হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে লোক ঔষধি চিকিৎসা হেতু ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যেৰে চলিত সংসদৰ অধিৱেশনত আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত সংসদৰ প্ৰশ্নকালত উত্তৰ প্ৰদান কৰিছে ৷

এনেসময়তে সোমবাৰে ধেমাজি তেলিজানত লোক ঔষধি শিক্ষা সেৱা আশ্ৰমৰ অধীনত ৰাজ্যৰ ভিতৰতে প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয় ৷ ইফালে এই লোকঔষধি চিকিৎসা কেন্দ্ৰত এতিয়াৰে পৰা বিভিন্ন ৰোগৰ চিকিৎসা পৰম্পৰাগত পদ্ধতিৰে কম খৰচত অভিজ্ঞ লোক ঔষধি চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা ফলত বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে উপকৃত হ’ব পাৰিব বুলি মন্তব্য কৰে লোক ঔষধি চিকিৎসা সেৱা সমিতিৰ ৰাজ্যিক সমিতিৰ সভাপতি ডাঃ দেৱকান্ত কোছে ৷

লগতে পঢ়ক : ধেমাজিত ছন পৰা মাটিত কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সুচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.