জোনাই,২৪ ফেব্ৰুৱাৰী : অসম গৌৰ্খা সন্মিলন ধেমাজি জিলাৰ উদ্যোগত আয়োজন মহিলা জনজাগৰণ সভাৰ । জোনাইৰ নেপালী বস্তিৰ গোৰ্খা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয় এই সভাৰ । ধেমাজি জিলা গোৰ্খা সন্মিলনৰ উপদেষ্টা পদ্ম ছেত্ৰীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা পাঠ কৰে সংগঠনটোৰ সম্পাদক মন বাহাদুৰ ছেত্ৰীয়ে । সভাত উপস্থিত থাকি গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতিৰ উপদেষ্টা দীনানাথ উপাধ্যায়ে সমিতিৰ মহিলা কোষৰ বিষয়ে বিতংভাৱে আলোচনা কৰে ।
তদুপৰি বাস্কা জিলাত হ'বলগীয়া আগন্তুক কেন্দ্ৰীয় সমিতিৰ অধিবেশনত শাখাসমূহে অংশগ্ৰহণ কৰাৰ বিষয়ে আলোচনা কৰা হয় । সভাত উপস্থিত থাকি সমিতিৰ সাহিত্য সভাপতি বীৰ বাহাদুৰ লিম্বুয়ে মহিলাসকলক সভাত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰা মতে ধেমাজিত বসবাস কৰা গোৰ্খা জনসাধাৰণৰ সমস্যা সমাধানৰ দাবীত গোৰ্খা সন্মিলনে আন্দোলন অব্যাহত ৰাখিছে । ইফালে তেওঁ ধেমাজি জিলা গোৰ্খা সন্মিলনক দুটা ভাগত বিভক্ত কৰি ধেমাজি আৰু জোনাই জিলা গঠনৰ বাবে কেন্দ্ৰীয় সমিতিক অনুৰোধ জনায় ।
উল্লেখ্য যে অহা ২৭ ফেব্ৰুৱাৰীত ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত হ'ব গোৰ্খা সন্মিলনৰ মহিলা অভিবৰ্তন (women convention of Gorkha Sammelan)। এই অভিবৰ্তনত সকলো মহিলাকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰতাপ লোহাৰে । সাংগঠনিক সম্পাদকগৰাকীয়ে গোৰ্খা সন্মিলনৰ ইতিহাস সম্পৰ্কে বাখ্যা আগবঢ়ায় ।
লগতে পঢ়ক :Majuli By Election 2022: মাজুলীৰ ৰাজীৱ ভৱনত অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল