ধেমাজি,১ এপ্ৰিল: ধেমাজিৰ বুটিকোৰত তিনি এপ্ৰিলৰ পৰা বিকি সেউজী কলা সংঘৰ গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব । 3-4 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে বুটিকোৰ কছাৰী পথাৰ প্ৰাংগণত উদযাপন কৰা হ'ব এই অনুষ্ঠান । কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মৃদুল সোণোৱাল আৰু সংঘৰ সভাপতি শিৰোমণি বৰুৱাই ৷ উদযাপন সমিতিৰ সম্পাদক দুলেন সোণোৱালে স্মৃতি তৰ্পণ কৰিব । ইয়াৰ লগতে বাণিজ্য মেলাৰ দ্বাৰ উদঘাটন, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ক্ৰীড়ামূলক প্ৰতিযোগিতা আৰু সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা হ'ব ৷
সেইদৰে আলোচনা চক্ৰ, নাট প্ৰদৰ্শন কৰিব । দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ৷ উক্ত অনুষ্ঠানত ধেমাজিবাসীৰ সহায়-সহযোগৰ লগতে উপস্থিতি কামনা কৰিছে অনুষ্ঠানৰ উদ্যোক্তাসকলে । উল্লেখ্য যে, ধেমাজি জিলাৰ বৃহত্তৰ বুটিকোৰ অঞ্চলত ১৯৯৫ চনতে স্থাপন কৰা হৈছিল এই অনুষ্ঠানটো। এই অনুষ্ঠানটোৱে ইতিমধ্যে ২৫ টা বৰ্ষ অতিক্ৰম কৰিছে ৷