ETV Bharat / state

Jonai Girls College Silver Jubilee: জ'নাই বালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান - Silver Jubilee celebration in Jonai Girls College

গোলাপ চন্দ্ৰ দলে সোঁৱৰণী ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জ'নাই বালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান ৷ অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক ভূৱন পেগুৰ ৷

Silver Jubilee celebration in Jonai Girls College
জনাই বালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:16 PM IST

জনাই বালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

জোনাই, 14 অক্টোবৰ : 25 বছৰ অতিক্ৰম কৰিলে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলৰ একমাত্ৰ মহিলা উচ্চ শিক্ষানুস্থান জ'নাই বালিকা মহাবিদ্যালয়ে ৷ 1994 চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনত শনিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ ৷ আজি পুৱা 9 বজাৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰয়াত গোলাপ চন্দ্ৰ দলে সোঁৱৰণি ক্ষেত্ৰত অনুষ্ঠিত হয় মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান ।

পুৱা ৰাষ্ট্রীয় সেৱা আঁচনি গোট, জ'নাই বালিকা মহাবিদ্যালয়দ্বাৰা চাফাই অভিযানৰ পিচতে ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ'নাই বালিকা মহাবিদ্যালয় অধ্যক্ষ খগেশ্বৰ পেগুৱে ৷

আনহাতে উদ্বোধনী ভাষণত জোনাই বিধায়ক ভূৱন পেগুৱে ছাত্ৰীসকলক উদ্দেশ্যি কয়, মহিলাসকলে সমাজ তথা দেশৰ উন্নয়নত সম্পূর্ণ ৰূপে আগবাঢ়ি আহিব পৰা নাই । তাৰ কাৰণ হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়া হ’লে আমি দেখা পাম নিৰক্ষৰতা বা অনগ্ৰসৰতাই হৈছে তাৰ একমাত্ৰ কাৰণ । কিয়নো দেশ এখনৰ উন্নয়ন নির্ভৰ কৰে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত আৰু প্ৰায়বোৰ লোকে শিক্ষিত সেই দেশৰ উন্নতিও উর্ধগামী হয় ।

মহিলাসকল শিক্ষিত হ’লেহে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ’ব । ভৱিষ্যৎ প্ৰজন্ম শিক্ষিত হ’লেহে দেশখন শিক্ষিত হৈ উন্নয়নত আগবাঢ়িব পাৰিব বুলি মন্তব্য কৰে বিধায়ক পেগুৱে ৷ অনুষ্ঠানত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগু, টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টি এম পি কে জোনাই জিলা সভাপতি সঞ্জয় কুম্বাং উপস্থিত থাকে ৷

বিয়লি 4 বজাত প্রাক্তন ছাত্রী সমাৰোহৰ উদ্বোধন কৰে অর্থনীতি বিভাগৰ অধ্যাপক স্বপ্নালী কুলিয়ে । সন্ধিয়া ন-পুৰণি ছাত্রী আৰু আমন্ত্রিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান । উক্ত অনুষ্ঠানৰ উদ্ধোধন কৰিব জোনাইৰ বিশিষ্ট শিল্পী তৰাৱতী মিলি বৰিয়ে ।

আনহাতে দ্বিতীয় দিনা 15 অক্টোবৰত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ দ্বাৰা চাফাই অভিযানৰ পিছতে পুৱা ৯ বজাত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব অতিৰিক্ত উপায়ুক্ত তথা জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে ৷

লগতে পঢ়ক:Awareness Programme for Farmers : গোগামুখস্থিত ভাৰতীয় কৃষি অনুসন্ধান সংস্থা অসমৰ উদ্যোগত সজাগতা সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.