জোনাই, ২৮ নৱেম্বৰ : মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং লালী নদীখন ধেমাজি জিলাৰ জোনাই মহকুমাত বিগত কেইবা বছৰৰ পৰা পৰা অস্বাভাৱিকভাৱে শুকাই চৌদিশে বালিময় হৈ পৰিছে (Siang Lali river drying up abnormally in Dhemaji) ৷ উল্লেখযোগ্য যে চিৰপ্ৰৱহমান চিয়াং নদীয়ে জোনাইৰ পশ্চিম দিশত লোহিত আৰু ডিবাং নৈৰ সৈতে সংযোগ ঘটাৰ পিছত ব্ৰহ্মপুত্ৰ নাম লৈছে (Brahmaputra river) ৷
চিয়াং বা ব্ৰহ্মপুত্ৰক এই অঞ্চলত লালী নদী বুলি কয় ৷ বিগত কেইবা বছৰৰ পৰা অস্বাভাৱিক হাৰত শুকাই চিয়াং লালী নদীৰ পানীৰ স্তৰ বহু তললৈ নামি যোৱাত নদীৰ পাৰত থকা গছ-গছনি, ঘাঁহ-বন আদিও শুকাই যাবলৈ ধৰিছ ৷ ইফালে ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবু চাপৰিলৈ এইকেইদিনত জোনাই তিনিমাইল ঘাটৰ পৰা মানুহে খোজকাঢ়ি বা গাড়ীৰে ইপাৰ-সিপাৰ হ'ব ধৰিছে (Jonai Siang Lali River is in existential crisis) ৷জোনাই মহকুমাৰ অন্তৰ্গত কবু চাপৰিলৈ যোগাযোগ কৰিবলৈ সাধাৰণতে চিয়াং নদীখন যাত্ৰীবাহী ফেৰীৰে পাৰাপাৰ হ'বলগীয়া হয় ৷
কিন্তু এই কেইদিন মনুহে ফেৰীৰ সলনি দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে নদীৰ বুকুলৈ আহি নদীৰ সামান্য অংশ হাত নাৱেৰে পাৰ হ'বলৈ সক্ষম হৈছে ৷ প্ৰতি বছৰে চিয়াং নৈৰ ভূ-পৃষ্ঠ বালিচৰত পৰিণত হোৱাত পবা বৰ্ষাৰণ্যত বৃহৎ বৃহৎ বৃক্ষও শুকাই মৰি যোৱাৰ উপক্ৰম ঘটিছে । আনফালে জোনাই সদৰৰ পৰা কবু চাপৰিলৈ চিয়াঙৰ বুকুৰে পাৰাপাৰ হোৱা একমাত্ৰ ফেৰী সেৱাও প্ৰায় অচল অৱস্থাত । ফলত এতিয়া ফেৰী যাত্ৰীসকল চিয়াং নৈৰ অধিকাংশ দূৰত্ব দুচকীয়া-চাৰিচকীয়া বাহনত অতিক্ৰম কৰিবলগা হৈছে ।
চিয়াং নদীৰ বুকু বালিময় হৈ পৰাৰ লগতে পানীৰ স্তৰ কমি যোৱাত মানুহে বহু কষ্টেৰে নদীদ্বীপ কবু চাপৰিলৈ যাতায়াত কৰিছে (China suspects construction of dam on Brahmaputra) ৷ উল্লেখ্য, যিখন চিয়াং লালী নদীয়ে বাৰিষাকালত বানপানীৰ তাণ্ডৱেৰে জোনাই মহকুমাত বিভীষিকাৰ সৃষ্টি কৰে; সেইখন নদীয়েই বৰ্তমান বালি-পলসেৰে ভৰি পৰিছে ৷ এনে পৰিস্থিতিৰ ফলত আনহে নালাগে নৈপৰীয়া ৰাইজৰ পোহনীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ পানী সেৱনৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে ৷
তদুপৰি, নদীৰ বক্ষ এতিয়া তৰপে তৰপে বালি-পলসেৰে ভৰি পৰাত জীৱকুলৰ লগতে চিয়াং লালী নদীত মৎস্য চিকাৰ কৰি আৰু নদীত উটি অহা কাঠখৰি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালবোৰৰ উপাৰ্জনৰ পথ নাইকিয়া হৈ পৰিছে ৷ উল্লেখযোগ্য চিয়াং লালী নদীখন এসময়ত অতি গভীৰ আছিল ৷
কিন্তু এনেদৰে দ্ৰুতগতিত অস্বাভাৱিকভাৱে চিয়াং নৈৰ জলপৃষ্ঠ নামি যোৱাত একাংশ স্থানীয় ৰাইজে ৰঙা চীনে মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াঙৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । মূলত মানুহৰ ধ্বংসাত্মক কাৰ্যকলাপৰ ফলতে চিৰপ্ৰৱহমান চিয়াং লালী নদী আজি আস্তিত্বৰ সংকটত ককবকাইছে ৷
লগতে পঢ়ক :Mukro violence issue: সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ