ধেমাজি,6 জানুৱাৰী : সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ২০২১ বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে ধেমাজি ডি আৰ ডি এ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ৰ বাবে বুধবাৰে লাইখুঁটা স্থাপন কৰে ৷ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে।
![Setting up of the Dhemaji Book Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-dhemaji-book-fair-lai-khuta-6jn-visbyte-as10021_06012021213553_0601f_1609949153_535.jpg)
লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক চুচেন ভিতৰুৱা কোঁৱৰ, বিমল ৰাজখোৱা, ধেমাজি মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক বনজিৎ ভট্ট, ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ বিষয়ববীয়া সকলকে আদি কৰি ভালেসংখ্যক ধেমাজিৰ বিশিষ্ট ব্যক্তিৰ লগতে ধেমাজি ছাত্র সন্থাৰ বিষয়বৱীয়াসকল ।
লগতে পঢ়ক: ধুবুৰীত বিজেপিৰ বিশাল ৰাজহুৱা সভা