জোনাই,৩০ জানুৱাৰী: ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জেষ্ঠ প্ৰবক্তা মুকুল দত্তই অলপতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ(Senior Professor Mukul Dutta Retireed) কৰাৰ পাছত সোমবাৰে প্ৰতিষ্ঠাখনৰ পৰিয়ালে এক বিদায়ৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে(Senior Mukul Duttas farewell programme at Dhemaji Diet) । প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰিনাথ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ প্ৰবক্তা ভূৱনেশ্বৰ ইংতিয়ে । শিক্ষাৰ্থী সকলে পৰিৱেশন কৰা এটি সুমধুৰ সমবেত সংগীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে প্ৰবক্তা ড৹ ডিনি বৰাৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান(District Institute of Education and Training) ।
অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থী আৰু শুভাকাংক্ষী সকলে ফুলাম গামোচা, কিতাপৰ টোপোলা, শৰাই, ফুলৰ থোপা আদিৰে বিদায়ী প্ৰবক্তাগৰাকীক বিদায় সম্ভাষণ জ্ঞাপন কৰে । লগতে সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানলৈ আমন্ত্ৰিত আন আন বিশিষ্ট অতিথিসকলক । সভাত মুখ্য অতিথি হিচাপে ডায়েট ধেমাজিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সেৱক হাজৰিকাই অনুষ্ঠানখনৰ বাবে আগবঢ়াই যোৱা অমূল্য ত্যাগৰ ওপৰত আলোকপাত কৰি সাৰুৱা বক্তব্য প্ৰদান কৰে ।
![Senior Mukul Duttas farewell ceremony](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10054-jonai-photonews-30january_30012023173407_3001f_1675080247_930.jpg)
লগতে জ্যেষ্ঠ প্ৰবক্তা ভূপেন দাস, জ্যেষ্ঠ প্ৰবক্তা জুনিচ পাতিৰ, প্ৰবক্তা পবিত্ৰ কুমাৰ দাস, বিশিষ্ট অতিথি ড৹ লাবণ্য হাজৰিকাৰ, অলপতে প্ৰতিষ্ঠানৰ পৰা বদলি হৈ যোৱা প্ৰবক্তা প্ৰবীন হাখলাৰী, প্ৰবক্তা মায়াশ্ৰী চেতিয়া ফুকন, প্ৰবক্তা জ্যোতিষ কুমাৰ নৰহ, লেলিন দলেৰ লগতে কেইবাজনো শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে বক্তব্য প্ৰদান কৰে । উল্লেখ যে, ২০১৫ চনৰ ১ জানুৱাৰীত ধেমাজিৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে যোগদান কৰা বিদায়ী প্ৰবক্তাগৰাকীয়ে যোৱা ৩১ ডিচেম্বৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।
পিছপৰা অঞ্চলটোত অৱস্থিত প্ৰতিষ্ঠানটোৰ সকলোৰে সৈতে সু সম্পৰ্ক ৰখা মুকুল দত্তই নিষ্ঠাসহকাৰে আধা দশক সেৱা আগবঢ়াই গৈছে । ষ্পষ্টবাদী আৰু সৰবৰাহী লোক হিচাপে সমাদৃত বিদায়ী প্ৰবক্তাগৰাকীক একেমুখে প্ৰশংসা কৰাৰ লগতে তেওঁৰ সুন্দৰ আৰু সু-স্বাস্থ্য কামনা কৰে । অনুষ্ঠানৰ মাজতে প্ৰবক্তা দীব্যজ্যোতি গগৈয়ে বিদায়ী সহকৰ্মীজনক সন্মান জনাই পাঠ কৰিলে বিদায় বেলাৰ কবিতা, একেদৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰবক্তা মানসজ্যোতি বৰুৱা, শিক্ষাৰ্থী কুশল কোঁচ, তৃষ্ণাৰাণী বৰুৱা, বন্দিতা ৰায়, লোণা পেগু, সাৰদা দেৱী, পাহাৰী দত্তই গীত নৃত্য আৰু ডি এল এডৰ শিক্ষাৰ্থী সকলে পৰিৱেশন কৰা দলীয় নৃত্যই অনন্য কৰি তোলে উক্ত অনুষ্ঠানটি ।