ETV Bharat / state

Public meeting at Jonai: জোনাইৰ চমকঙত জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজহুৱা সভা - জোনাইৰ চমকঙত জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজহুৱা সভা

বৃদ্ধ পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰা, চমকং স্বাস্থ্য উপ কেন্দ্ৰত বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিয়া, চমকং অঞ্চলৰ বান-খহনীয়াৰ স্থায়ী নিয়ন্ত্ৰণ কৰাৰ দাবীত চমকঙত অনুষ্ঠিত কৰা হয় জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজহুৱা সভা । চমকং অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ থকাৰ সন্দৰ্ভত এই সভাত বিষদভাৱে আলোচনা কৰা হয়(Public meeting of senior citizens at Chamakkang in Jonai) ।

Public meeting of senior citizens at Chamakkang in Jonai
জোনাইৰ চমকঙত জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজহুৱা সভা
author img

By

Published : Apr 23, 2023, 10:06 PM IST

জোনাইৰ চমকঙত জ্যেষ্ঠ নাগৰিক সন্থাৰ ৰাজহুৱা সভা

জোনাই,২৩ এপ্ৰিল: জ্যেষ্ঠ নাগৰিক সন্থাৰ চমকং আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আজি চমকং ৰংগমঞ্চত অনুষ্ঠিত কৰা হয় । টাদুনীয়া মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ডিম্বেশ্বৰ কুটুমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদেশ্য ব্যাখ্যা কৰে নাগৰিক সন্থাৰ চমকং আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ভূগেন চন্দ্ৰ বৰিয়ে (Public meeting of senior citizens at Chamakkang in Jonai) ।

চমকং আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যনিৰ্বাহক মিগম মিলিয়ে আঁতধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰহে কয় যে, চমকং অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ আছে । লগতে উল্লেখ কৰে যে, চমকং আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ স্থায়ী কাৰ্যালয় নথকাৰ বাবে বয়োজ্যোষ্ঠ ব্যক্তিসকলে সন্মুখীন হৈ আহিছে (Public meeting in Jonai) ।

এনেসমূহ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ অসুবিধা সন্মুখীন হৈ আহিছে বুলি উনুকিয়াই চমকঙৰ লোকসকলে । উক্ত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া ৰাইজে ভূমিৰ অধিকাৰ আজি পৰ্যন্ত লাভ নকৰা বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈ আহিছে বুলিও তেওঁলোকে কয় । তেওঁ লগতে সমাজৰ বিশেষকৈ বিবাহ বিচ্ছেদ, বিধবা আৰু প্ৰতিবন্ধীসকলে ভুগি থকা সমস্যাসমূহ সমাধানৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

দেওবাৰে অনুষ্ঠিত ৰাজহুৱা সভাই বৃদ্ধ পেন্সনৰ পৰিমাণ বৃদ্ধি কৰা, বিধবাসকলক প্ৰতিমাহে বিশেষ সাহাৰ্য প্ৰদান কৰা, খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাহিৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বন্ধ ৰখা, চমকং স্বাস্থ্য উপ কেন্দ্ৰত অভিজ্ঞ চিকিৎসকনিযুক্তি দিয়া, চমকং আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰা, বৰ্তমানে চৰকাৰে জৰীপ কাৰ্য চলোৱা মাটিৰ ভূমিপট্টন দিয়াৰ ব্যৱস্থা কৰা, চমকং অঞ্চলৰ বান-খহনীয়া সমস্যাৰ নিয়ন্ত্ৰণ কৰা, বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সৃষ্টি কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে পঢ়ক: Ferry ambulance stuck: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী এম্বুলেঞ্চ; ৰোগীৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.