ETV Bharat / state

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱাৰ আখৰা কৃষকৰ

author img

By

Published : May 20, 2021, 8:55 AM IST

Updated : May 20, 2021, 9:48 AM IST

ধেমাজি জিলাৰ বৰদলনিৰ কমলপুৰৰ ত্ৰিকেন কাকতি নামৰ কৃষকজনে জীয়াঢল নদীৰ প্ৰায় 12 বিঘা মাটিত ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি ৷ এই খেতিৰে খেতিয়কগৰাকীয়ে স্বাৱলম্বী হোৱাৰ লগতে 12 জনকৈ পুৰুষ-মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে ৷

Self-sufficient farmers with chilli cultivation
বিভীষিকাৰ মাজতো ভাল খবৰ:ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী কৃষক

ধেমাজি,20 মে': চৌদিশে কাল কৰ'ণাই বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সময়তে ভোট জলকীয়াৰ খেতিয়ে হাঁহি কঢ়িয়াই আনিছে ধেমাজিৰ এগৰাকী কৃষকৰ মুখলৈ ৷ ধেমাজিৰ বৰদলনিৰ কমলপুৰৰ ত্ৰিকেন কাকতি নামৰ কৃষকজনে জীয়াঢল নদীৰ প্ৰায় 12 বিঘা মাটিত ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভ কৰিছিল ভোট জলকীয়াৰ খেতি ৷ এই খেতিৰে খেতিয়কগৰাকীয়ে স্বাৱলম্বী হোৱাৰ লগতে 12 জনকৈ পুৰুষ-মহিলাক সংস্থাপন দিবলৈ সক্ষম হোৱাৰ লগতে কেইবা কুইণ্টল জলকীয়া বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে ৷

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱাৰ আখৰা কৃষকৰ

কৃষকগৰাকীৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে, যদিও চৰকাৰী সংশ্লিষ্ট বিভাগৰ পৰা পোৱা নাই কোনো সহযোগিতা অথবা পৰামৰ্শ ৷ পৃথিৱীৰ এনে দুৰ্বল সময়ত উঠি অহা প্ৰজন্মক ঘৰতে বহি নাথাকি কৃষিকৰ্মৰে আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়াইছে কৃষকগৰাকীয়ে ৷ অনাগত দিনত কোনো আগ্ৰহী ব্যক্তিয়ে ভোট জলকীয়াৰ খেতিৰ বাবে আগবাঢ়ি আহিলে কৃষকগৰাকীয়ে পাৰ্যমানে সহায় কৰিব বুলিও আশ্বাস দিয়ে ৷

লগতে পঢ়ক: ক’ভিড-১৯ ত আক্ৰান্ত হোৱা সময়ত আৰু পিছত আহাৰ গ্ৰহণ কৰিবলগীয়া পৰামৰ্শ...

Last Updated : May 20, 2021, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.