জোনাই, 12 মে': ডেৰ বিঘা মাটিত 1200 জোপা ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বীতাৰ দেখুৱালে ধেমাজি জিলাৰ বলাইপাম গাঁৱৰ গৌৰীশঙ্কৰ সোণোৱাল নামৰ যুৱকজনে । মেট্ৰিকৰ দেওনা পাৰ হোৱা যুৱ খেতিয়ক গৌৰীশঙ্কৰ সোণোৱালে আহিন মাহতে গুটি পচাই নিজা বাৰীৰ ডেৰ বিঘা মাটিত, 25 হাজাৰ টকাৰ মূলধন খটুৱাই পুহ মাহত ৰোপণ কৰে জলকীয়াৰ পুলিখিনি । কৃষি বিভাগৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে, নিজা প্ৰচেষ্টা আৰু পদ্ধতিৰে ভোট জলকীয়াৰ পুলিবোৰৰ যতন ৰাখে ।
ব'হাগ মাহৰ পৰা ক্ৰমান্বয়ে যুৱক জনৰ ফচল উৎপাদন হ'বলৈ আৰম্ভ কৰে । প্ৰথমৱস্থাত 10 টকাত 3টা, তাৰ পিচত 10 টকাত 4টা আৰু শেহতীয়াকৈ এটা জলকীয়াত দুটকা দৰত যুৱকজনে বিক্ৰী কৰিছে জলকীয়াসমূহ । কিন্তু সম্প্ৰতি লক্ ডাউনৰ বাবে একমাত্ৰ জোনাই বজাৰতে ভোট জলকীয়া বিক্ৰী কৰিবলগীয়া হৈছে যুৱ খেতিয়কগৰাকীয়ে ।
উল্লেখ্য যে, যোৱা তিনি বছৰৰ পৰা ভোট জলকীয়াৰ খেতি কৰি লাভান্বিত হৈ অহা যুৱকগৰাকীৰ উৎপাদিত জলকীয়া, অৰুণাচল প্ৰদেশৰ পাচিঘাট, আলং, ইংকিয়ং আদি ঠাইৰ ব্যৱসায়ীয়ে উচ্চ দৰত ক্ৰয় কৰিছিল । কিন্তু এইবাৰ লক্ ডাউনৰ বাবে নিম্নমুখী হৈছে যুৱকজনৰ ব্যৱসায় । যাৰ বাবে বিগত বছৰসমূহৰ তুলনাত এইবাৰ মালচিং পেপাৰৰ ব্যৱস্থাৰে উন্নত ধৰণে খেতি কৰিছে যদিও, উৎপাদিত জলকীয়াবোৰ জোনাই বজাৰতে কম দৰত বিক্ৰী কৰিবলগীয়া হৈছে ।
লগতে পঢ়কঃ 'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '