ETV Bharat / state

নিৰ্বাচন সন্দৰ্ভত জোনাইৰ মহকুমাধিপতিৰ সংবাদমেল সম্বোধন

author img

By

Published : Feb 28, 2021, 1:15 PM IST

শনিবাৰে অসম বিধান সভাৰ নিৰ্বাচন সন্দৰ্ভত জোনাইত মহকুমাধিপতিয়ে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰিলে নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সবিশেষ ৷

প্ৰাক নিৰ্বাচনী সন্দৰ্ভত জোনাইত মহকুধিপতিৰ সংবাদ মেল

জোনাই,28 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ তাৰ পাছতেই কেৱল ৰাজনৈতিক দলৰ মাজতেই নহয়, তৎপৰতা বৃদ্ধি পাইছে প্ৰশাসনিক বিষয়াসকলৰ মাজতো ৷ শনিবাৰে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত জোনাইত মহকুমাধিপতিয়ে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰিলে নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সবিশেষ ৷

মুঠ তিনিটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ ২৭ মাৰ্চত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ১১৪ নং বিধানসভাৰ জোনাই সমষ্টিতো শান্তিপূৰ্ণ ভোটদানৰ বাবে জোনাই মহকুমা প্ৰশাসনে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে । এইবাৰ জোনাই বিধানসভা সমষ্টিত ২২,৭৫৮ গৰাকী নতুন ভোটাৰ সংযোগেৰে মুঠ ৩,০৮,১৮৩ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ১,৫৬,৭০৯ জন আৰু মহিলা ১,৫১,৪৭৪ গৰাকী ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব ।

উল্লেখ্য যে, মহামাৰী কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি জোনাই সমষ্টিত এহেজাৰতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰসমূহক বিভক্ত কৰা হৈছে ৷ তদুপৰি জোনাই সমষ্টিটোত নতুন ৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰ সংযোগ কৰি মুঠ ৪৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ কৰা হৈছে ৷ ইতিমধ্যে জোনাই সমষ্টিটোক নিৰ্বাচনৰ বিশেষ সুবিধাৰ্থে ১২ টা জ’ন আৰু ৩৯ ছেক্টৰত বিভক্ত কৰা হৈছে ৷ সমষ্টিটোত মুঠ ২,৭৬৬ গৰাকী সন্দেহজনক ডি ভোটাৰ থকা বুলি জোনাইৰ মহকুমাধিপতি জিমলী শইকীয়া কাকতিয়ে সদৰী কৰিছে । কাকতিয়ে সংবাদমেলযোগে জোনাই সমষ্টিৰ ৮০ ৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম লোকসকলে নিৰ্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি পোষ্টেল বেলেটৰ মাধ্যমত ঘৰৰ পৰাই ভোটদান সাব্যস্ত কৰিব পাৰিব বুলি সদৰী কৰে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ইতিহাস আৰু বিশেষত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.