ETV Bharat / state

পথ দুৰ্ঘটনা ৰোধৰ বাবে পঞ্চসূত্ৰ মানি চলিবলৈ আহ্বান মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - পথ দুৰ্ঘটনা ৰোধ

ধেমাজিত পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মটৰ চাইকেল যাত্ৰা কোনো পলিটিকেল যাত্ৰা নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

ROAD SAFETY AWARENESS CAMPAIGN by MINISTER PARIMAL SHUKLABAIDYA IN MAJULI
ধেমাজিত পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সভা
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:19 AM IST

ধেমাজিত পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সভা

ধেমাজি, 4 ডিচেম্বৰ: পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে দেওবাৰৰ সন্ধিয়া ধেমাজিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ পৰিবহন, আবকাৰী আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ মটৰ চাইকেল চলাই মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে এখন সভাৰ আহ্বান কৰে ৷

বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এখন সভাত মিলিত হোৱাৰ পিছতে ধেমাজি জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা সমিতিৰ উদ্যোগত জিলাখনৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত এখন সজাগতা সভাৰ আয়োজন কৰে ৷ সভাত প্ৰথমে ধেমাজিত পথ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷

মন্ত্ৰীগৰাকীয়ে কয়, "কোনো ৰাজনৈতিক দলৰ কৰ্মী বা মন্ত্ৰী হিচাপে এই মটৰ চাইকেল যাত্ৰা কৰা হোৱা নাই ৷ এয়া সম্পূৰ্ণ পৃথক ৷ কোনো এছক’ৰ্ট নোলোৱাকৈ সাধাৰণভাৱে ৰাইজৰ ওচৰলৈ আহিছো ৷ যাতায়তৰ বাবে পথটো উন্নীত হোৱাৰ পিচত নাগৰিকে উক্ত পথেৰে চলাচলৰ সময়ত সুৰক্ষিত হ’ব লাগিব ৷"

দৈনিক পথ দুৰ্ঘটনাত নিহত হোৱা পৰিসংখ্যাত উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বাবে দ্ৰুতগতিত বাহন চলোৱা, সুৰা সেৱন কৰি, ম’বাইলত কথা পাতি, হেলমেট পৰিধান নকৰাকৈ, চীটবেল্ট নলগোৱাকৈ গাড়ী চলোৱা আদি কাৰণবোৰ উল্লেখ কৰে ৷ একেটা প্ৰসংগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চলিত বৰ্ষৰ যোৱা মাহটো পৰ্যন্ত ধেমাজিত 63 গৰাকীয়ে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে বুলিও দুখ প্ৰকাশ কৰে ৷

সজাগতা সভাখনৰ জৰিয়তে সকলোকে পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰয়োজনীয় পঞ্চসূত্ৰ মানি চলিবলৈ ধেমাজীবাসীলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: ৰাজ্যত ৮০ শতাংশ পথ দুৰ্ঘটনাই মটৰ চাইকেলৰ বাবে সংঘটিত হয়: শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.