ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনা: গেলুৱা নৈত বাহসহ উটি গ'ল 5 আৰোহী

author img

By

Published : Jul 2, 2020, 8:30 PM IST

ধেমাজিৰ চিচিবৰগাঁৱত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ গেলুৱা নৈত বাহনসহ উটি গ'ল পাঁচ আৰোহী ৷ দুগৰাকীক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে বৰ্তমানলৈকে নিখোজ হৈ আছে তিনি ব্যক্তি ৷ ছঘণ্টীয়া জোৰা উদ্ধাৰ অভিযানৰ পিছতো কোনো শুংসূত্ৰ লাভ কৰা নাই উদ্ধাৰকাৰী দলে ৷

Road accident at dhemaji assam etv bharat news
নৈত উটি গ’ল বাহনসহ আৰোহী

জোনাই,২ জুলাই: ধেমাজিৰ চিচিবৰগাঁৱত বৃহস্পতিবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত লখিমপুৰৰ লীলাবাৰীৰ এটি চাৰিজনীয়া পৰিয়ালৰ লগতে এগৰাকী ব্যক্তি উটি যায় নৈৰ সোঁতত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় গেলুৱা নৈত একেটা পৰিয়ালৰ চাৰিগৰাকী ব্যক্তিৰ লগতে পৰিয়ালটোৱে ব্যৱহাৰ কৰা বাহনখনৰ চালক গৰাকী উটি যায় ৷ উদ্ধাৰকাৰী দলৰ তৎপৰতাত পৰিয়ালটোৰ দুগৰাকী লোক জীৱন্তে উদ্ধাৰ হোৱাৰ বিপৰীতে শুংসূত্ৰ লাভ কৰা নাই অন্য তিনিগৰাকী ব্যক্তিৰ ৷

নৈত উটি গ’ল বাহনসহ আৰোহীনৈত উটি গ’ল বাহনসহ আৰোহী

বৃহস্পতিবাৰে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙত আকস্মিকভাৱে লীলাবাৰীৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এখন আই 10 বাহন দুৰ্ঘটনাত পতিত হৈ নদীত উটি যায় । দুৰ্ঘটনাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালটোৰ দুগৰাকী লোকক ৷ যদিও পানীৰ গভীৰ সোঁতত এএচ ০৭ এফ ২১৬৪ নম্বৰৰ বাহনসহ নিখোজ হৈ পৰে । ইপিনে সংকটজনক অৱস্থাত মাতৃ-কন্যাক চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, চালকসহ লীলাবাৰী কাচিপথাৰৰ নিৱাসী তথা ১৩ নং এপিবিএনৰ হাবিলদাৰ টংকেশ্বৰ কলিতাই পত্নী সৰুমাই আৰু দুই কন্যা ক্ৰমে পল্লৱী আৰু ববিতাৰ সৈতে চিলাপথাৰৰ এক বিবাহ অনুষ্ঠানলৈ আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । সম্প্ৰতি ঘটনাস্থলীত চিলাপথাৰ, ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ পৰা অহা এছডিআৰএফ, এনডিআৰএফ, আৰক্ষী আৰু ডুবাৰু বাহিনীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ ৰাজপথত জ্বলিল নতুন ভূমি নীতিৰ অধিসূচনাৰ প্ৰতিলিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.