ধেমাজি, গুৱাহাটী, 7 জুলাইঃ অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগ কৰ'ণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই ৷ চৰকাৰৰ হেমাহিৰ বাবেই এই ৰোগ সংক্ৰমণ অধিক হাৰত হোৱা বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷ গুৱাহাটীত লকডাউন সময়ছোৱাতো সংক্ৰমণ বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে ৷
সোমবাৰে ধেমাজি আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনে ৰিপুণ বৰাই ৷ বৰাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণ কৰি কয় যে, পাঁচখন অস্থায়ী কোভিড হাস্পতাল নিৰ্মাণ কৰাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিলে যদিও আজিলৈ এখনো হাস্পতাল নিৰ্মাণ নকৰিলে ৷
আনহাতে কম্পিউটাৰাইজ হোৱাৰ পাচতো কোভিড পৰীক্ষাৰ ফলাফলত পজিটিভক নিগেটিভ আৰু নিগেটিভক পজিটিভ কৰি জনতাৰ জীৱনৰ সৈতে খেলা কৰা বুলিও মন্তব্য কৰে বৰাই ৷ আনহাতে ৰোগীৰ সংখ্যা অধিক দেখুৱাই ধন লেনদেনত দুৰ্নীতি কৰাৰো এক গুৰুতৰ অভিযোগ তোলে মন্ত্ৰী গৰাকীয়ে ৷
ৰাজনৈতিক উৰ্ধত থাকি ক'ভিডৰ বিৰুদ্ধে কাম কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।