ধেমাজি, 30 ডিচেম্বৰ : মঙলবাৰে ৰাইজৰ দলৰ ধেমাজি জিলা আহ্বায়ক সমিতিৰ উদ্যোগত মংগলবাৰে ধেমাজি বাটঘৰীয়াৰ প্ৰেক্ষাগৃহত বিধানসভা সমষ্টিৰ প্ৰতিনিধিমূলক এখন সভা অনুষ্ঠিত হয় ৷
ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া আৰু আহ্বায়ক হৰিকান্ত দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত সভাপতি পদত থাকে পদ্মেশ্বৰ দিহিঙীয়া,সাধাৰণ সম্পাদক হিচাপে থাকে বেনু দেৱ নাথ আৰু ৰন্টু গগৈক সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ ধেমাজি বিধানসভা সমষ্টি সমিতিখন গঠন কৰা হয় ৷
ইপিনে ৩০ ডিচেম্বৰত ধেমাজি প্ৰমোদ ভৱনত ৰাইজৰ দলৰ ধেমাজি জিলা সমিতিখন গঠন কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: তাঁতশালৰ ব্যৱসায়েৰে স্বাৱলম্বী বাক্সাৰ সনাতন হালৈ