ধেমাজি,23 ডিচেম্বৰঃক'ৰণা ভাইৰাছৰ বাবে দীঘলীয়া বন্ধৰ অন্তত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া ৷ এইবাৰ দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত হৈ থকা কণ কণ শিক্ষাৰ্থীৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে শিক্ষা বিভাগে ৷ সেয়ে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ খবৰে কণ কণ শিক্ষাৰ্থী,অভিভাৱকৰ সমানেই উৎফুল্লিত কৰি তুলিছে শিক্ষকসকলকো ৷ কিয়নো একাংশ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদানৰ পৰা আঁতৰত থাকি অতিশয় মনোকষ্ট পাইছিল ৷
ৰাজ্যৰ আন আন বিদ্যালয়সমূহৰ লগতে সাজু হৈ উঠিছে ধেমাজি নগৰৰ বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয় আৰু ভৰালীচুক প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে বিদ্যালয় গৃহ,শ্ৰেণী কোঠা,বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰি তুলিছে ৷ বিদ্যালয়ৰ চৌহদত কৰিছে চেনিটাইজেচনো ৷ লক ডাউনৰ সময়ছোৱাতো নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থকা বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰন বৰগোহাঁই আৰু পৰিচালনা সমিতিয়ে ইটিভি ভাৰতৰ আগত ইতিমধ্যে কণ কণ শিক্ষাৰ্থীৰ বাবে পাঠদানৰ পৰিৱেশ সাজু তোলাৰ বিষয়ে অৱগত কৰে ৷ একেদৰে আন এখন অগ্ৰণী শিক্ষানুষ্ঠান ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনা সন্দিকৈয়েও আগন্তুক দিনৰ বাবে শ্ৰেণীকোঠাৰ লগতে দেৱালত ৰং দি আকৰ্ষণীয় কৰি তোলা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ নগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি