ETV Bharat / state

স্বাস্থ্য বিভাগত নিযুক্তিৰ উচিত তদন্ত দাবী চুতীয়া যুৱ সন্মিলনীৰ

author img

By

Published : Sep 1, 2020, 3:43 PM IST

এইবাৰ নিযুক্তি সম্পৰ্কীয় বিসংগতিৰ ক্ষেত্ৰত সৰৱ হৈ পৰিছে সদৌ অসম চুতীয়া যুৱ সন্মিলনী ৷ ধেমাজিৰ স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণ কোষত ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ নিযুক্তিৰ ক্ষেত্ৰত বিসংগতি সংঘটিত হোৱাৰ দাবী চুতীয়া যুৱ সন্মিলনীৰ ৷

Reaction of Chutia youth sanmilani on appoinment of data entry operator Dhemaji assam etv bharat news
স্বাস্থ্য বিভাগত নিযুক্তিৰ উচিত তদন্ত দাবী

ধেমাজি,1 ছেপ্তেম্বৰ: কৰ্মসংস্কৃতিৰ নামত ৰাজ্য চৰকাৰৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ খেয়ালখুচি মতে চলাই গৈছে কাম-কাজ ৷ সম্প্ৰতি এই বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম চুতীয়া যুৱ সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস প্ৰতীম চুতীয়াই ৷ উত্থাপিত অভিযোগ অনুসৰি, ধেমাজিৰ স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ ডাটা এণ্ট্ৰী অপাৰেটৰ পদৰ কৰ্মচাৰী মুনমী গগৈৰ মৃত্যু হোৱাত দীৰ্ঘদিনে খালী হৈ থাকে পদটো ৷ কিন্তু ৰহস্যজনকভাৱে এই পদটো পূৰাবলৈ কোনো বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নাছিল ৷ তৎসত্বেও নিজৰ খেয়ালখুচি অনুসৰি বিভাগে উক্ত পদত নিয়োজিত কৰে এগৰাকী ব্যক্তিক ৷ স্বাস্থ্য বিভাগটোৰ এনে মইমতালিৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ পৰিছে চুতীয়া যুৱ সন্মিলনীৰ লগতে অন্যান্য স্থানীয় দল-সংগঠন ৷

স্বাস্থ্য বিভাগত নিযুক্তিৰ উচিত তদন্ত দাবী চুতীয়া যুৱ সন্মিলনীৰ

বিষয়টো সন্দৰ্ভত সন্মিলনীৰ জিলা সমিতিৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এই নিযুক্তি কৰ’ণা আতংকৰ মাজতে হোৱা বুলি ব্যক্ত কৰি বিষয়টোৰ পৰা ফালৰি কাটে ৷ কিন্তু একে সময়তে অস্থায়ী চাফাই কৰ্মীৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ধেমাজিৰ স্বাস্থ্য বিভাগে ৷ সেয়ে বিষয়টোৰ উচিত তদন্ত দাবী কৰি এই কাৰ্যত জড়িত ব্যক্তিক চিনাক্ত কৰি যথোচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ ধেমাজি জিলাৰ দায়িত্বত থকা সম্পাদকগৰাকীয়ে ৷

লগতে চাওকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা, 2021 বৰ্ষৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.