জোনাই, ২৬ জুলাই: প্ৰায় তিনিটা মাহৰ পূৰ্বে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ বালিগাঁৱত সংঘটিত হৈছিল এক ধৰ্ষণৰ ঘটনা ৷ ৰিংকু আহমেদ নামৰ যুৱকজনে গাঁৱৰে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি ম'বাইলত আৱদ্ধ কৰি ৰাখিছিল ভিডিঅ’। একে গাঁৱৰে ৰিংকু আহমেদ নামৰ লম্পটোৱে ধৰ্ষণ কৰা বুলি অভিযোগ উঠাৰ পাছতেই গাৱতে একাংশ সংগঠনৰ স্বয়ম্ভূ নেতাই ২২ জুলাইত ৰাজহুৱা আদালতৰ আয়োজন কৰি অভিযুক্তক দোষী সাব্যস্ত কৰে ।
জৰিমনা হিচাপে ভুক্তভোগী পৰিয়ালক ২ লাখ ৫০ হাজাৰ টকা আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিব বুলি চুক্তিত স্বাক্ষৰ কৰে ধৰ্ষণকাৰী ৰিংকু আহমেদৰ পৰিয়ালে ৷ লগতে বিচাৰকে বিচাৰ কৰাৰ বাবদ নগদ ৫০ হেজাৰ টকা সৰকায় । ইফালে সন্মানৰ স্বাৰ্থত ধৰ্ষণৰ ঘটনা ৰাজহুৱা কৰিব নিবিচৰা পৰিয়ালটো এতিয়া শংকিত হৈ পৰিছে ৷ ঘটনাটো চাৰিওফালে বিয়পি পৰাৰ লগতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তৎপৰহৈ পৰে ধেমাজি আৰক্ষী ।
লগতে পঢ়ক:British Indian fraud case in UK: ভাৰতীয় বংশোদ্ভৱ অধিবক্তাক ২৮ নিযুত পাউণ্ড জৰিমনা ব্ৰিটেইনৰ আদালৰ
এই অমানবীয় ঘটনাৰ মূল অভিযুক্ত ৰিংকু আহমেদক (২৪) চিলাপথাৰ আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছে । ৰাজহুৱা ভাৱে ধৰ্ষিতাক ধৰ্ষণৰ বৰ্ণনা কৰিবলৈ দিয়া একাংশ স্বল্পখ্যাত নেতাৰ কৰ্মকাণ্ডকো গৰিহণা দিছে ধেমাজি জিলা জাতীয় মহিলা সমিতিয়ে । ধেমাজি জিলা জাতীয় মহিলা সমিতিৰ সভানেত্ৰী ভনীতা দাস মেচে তৎকালে দোষীক কঠোৰ শাস্তি বিহাৰ লগতে ঘটনাত জড়িত ৰৌ-বৰালি সকলোকে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে । ইফালে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৪১/৩৫৪/৩৯২ R/W 8 POSCO আইনৰ ধাৰাত চিলাপথাৰ আৰক্ষীয়ে ১৪৯/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:AJP Protest in Namrup: নামৰূপ সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ