ETV Bharat / state

জীয়াঢলৰ গতি সলনি কৰিব বিধায়ক ৰণোজ পেগুৱে ! - Flood

ধেমাজিত জীয়াঢলৰ বুকুত বাঁহ পুতি গতি-পথ সলনিৰ চেষ্টা । ধেমাজি নগৰলৈও তীব্ৰ ভাবুকি । একঁকাল পানীত নামি শ্ৰমিকৰ সৈতে হাতে-কামে লাগিলে স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু ৷

বিধায়ক ৰণোজ পেগুৱে ভেটিব জীয়াঢল !
author img

By

Published : Aug 16, 2019, 9:28 PM IST

Updated : Aug 16, 2019, 10:55 PM IST

ধেমাজি, 16 আগষ্ট: অৱশেষত জীয়াঢলৰ কোবাল সোঁতক নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ল ভলুকা বাঁহ । এতিয়া বাঁহেৰেই নদীখনৰ গতিপথ সলনি কৰাৰ বাবে স্থানীয় ৰাইজৰ সহযোগত তাৎক্ষণিক পদক্ষেপ লৈছে স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগুয়ে ৷ ধেমাজিৰ চকুলো খ্যাত জীয়াঢলৰ তিনিঘৰীয়া কেকুৰি অঞ্চলৰ উজনিৰ বিশেষ অংশত গতিপথ সলনি কৰাৰ বাবে প্ৰয়াস ৷ ইয়াৰ বাবে বিধায়ক গৰাকীয়ে ব‌ৃহস্পতিবাৰে কেইবা কিলোমিটাৰ জীয়াঢল নদীৰ এককাল পানীৰ সুতি পাৰ হৈ উজনিৰ নিদিষ্ট স্থানত উপস্থিত হৈ অধ্যয়ন কৰে নদী খনৰ গতি-বিধি । নদীৰ সুতি নিয়ন্ত্ৰণৰ বাহঁ পুতা কামতো শ্ৰমিকসকলক সহযোগ কৰে বিধায়ক গৰাকীয়ে ৷

বিধায়ক ৰণোজ পেগুৱে ভেটিব জীয়াঢল !

ইতিমধ্যে জীয়াঢল নদীৰ পুৰণা সুঁতিটোৰ সন্ধান পাবলৈ সক্ষম হৈছে আৰু এনেদৰে বিগত কেইবাদিন ধৰি নদীখনত বাহঁ সংস্থাপনে গঢ়ি তোলা সুৰক্ষা ব্যৱস্থাই জীয়াঢলৰ এটা সুঁতিৰ গতিপথ সলনি কৰাত পঞ্চাশ শতাংশ সফলতা লাভ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে স্থানীয় বিধায়ক গৰাকীয়ে কয় যে, নদীখনৰ উজনিৰ ঠেক অংশত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবে দহ বছৰ ধৰি এটা সুতিত বৈ থকা নাই জীয়াঢল ৷ আৰু এনেদৰে নদীখনে গতিপথ সলনি কৰি থকাৰ বাবে ধেমাজি নগৰখনলৈও কঢ়িয়াইছে তীব্ৰ ভাবুকি ৷ সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত সময়ত যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষাকালত যিকোনো মুহূৰ্ততে ধেমাজি নগৰত বানে বিভীষিকা সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এনে প্ৰচেষ্টা কেৱল চমক নে সুদূৰপ্ৰসাৰী সেয়াহে হ'ব লক্ষ্যণীয় ৷

Intro:ধেমাজিত জীয়াঢলৰ বুকুত বাহ পুতি গতি- পথ সলনিৰ চেষ্টা । ধেমাজি নগৰলৈও তীব্র ভাবুকি । এককাল পানীত নামি শ্ৰমিকৰ সৈতে হাতে কামে লাগিলে বিধায়ক ডাঃ ৰণোজ পেগুয়ে ।

Body:ধেমাজিত জীয়াঢলৰ বুকুত বাহ পুতি গতি- পথ সলনিৰ চেষ্টা । ধেমাজি নগৰলৈও তীব্র ভাবুকি । এককাল পানীত নামি শ্ৰমিকৰ সৈতে হাতে কামে লাগিলে বিধায়ক ডাঃ ৰণোজ পেগুয়ে ।

ধেমাজি , 16 আগষ্ট : অৱশেষত জীয়াঢলৰ কোবাল সুতক নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হল ভলুকা বাহ । এতিয়া বাঁহেৰে নদীখনৰ গতিপথ সলনি কৰা বাবে স্থানীয় ৰাইজৰ সহযোগত সমষ্টিৰ বিধায়কগৰাকীয়ে লৈছে তাৎক্ষণিক পদক্ষেপ । ধেমাজি জিলাৰ চকুলো খ্যাত জীয়াঢলৰ তিনি - ঘৰীয়া কেকুৰিত উজনিৰ বিশেষ অংশত গতিপথ সলনি কৰাৰ বাবে প্ৰয়াস । ইয়াৰ বাবে বিধায়ক গৰাকীয়ে ব‌হস্পতিবাৰে কেইবা কিলোমিটাৰ জীয়াঢলৰ নদীৰ এককাল পানীৰ সুতি পাৰ হৈ উজনিৰ নিদিষ্ট স্থানত উপস্থিত হৈ অধ্যয়ন কৰে নদী খনৰ গতি বিধি । মাজে মাজে বাহঁ পুতা কামতো সহযোগ কৰিলে শ্ৰমিকসকলক ।

ইতিমধ্যে জীয়াঢল নদীৰ পুৰণা সুঁতিটোৰ সন্ধান পাবলৈ সক্ষম হৈছে আৰু এনেদৰে যোৱা কেইবিদীন ধৰি নদীখনত বাহঁ সংস্থাপনে গঢ়ি তোলা সুৰক্ষা ব্যৱস্থাই জীয়াঢলৰ এটা সুঁতিৰ গতিপথ সলনি কৰাত পঞ্চাশ শতাংশ সফলতা লাভ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে

byte...MLA

লগতে আৰু ক যে ,: নদীখনৰ উজনিৰ ঠেক অংশত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবে দহ বছৰ ধৰি এটা সুতিত বৈ থকা নাই ।গতিকে নদীখনে গতিপথ সলনি কৰি থকাৰ বাবে ধেমাজি নগৰখনলৈও তীব্ৰ ভাবুকি কঢ়িয়াইছে । সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত সময়ত যথোচিত ব্যৱস্থা গ্ৰহন নকৰিলে যিকোনো মুহূৰ্ততে এটা বাৰিষা নিমিষতে ধেমাজি নগৰত বানে বিভীষিকা সৃষ্টি কৰাৰ আশংকা কৰিছে বিধায়কগৰাকীয়ে । ইতিমধ্যে এইবছৰ অলপতে এখন হাইস্কুল খহাই নিছে জীয়াঢলৰ বানে ।

সেয়ে উজনিৰ জীয়গঢলৰ অংশত অধ্যয়ন কৰি নদীখনৰ গতি পথ সলনি কৰি পূৰ্বৰ নদীতত পঠিয়াব পাৰিলে হে নামনি অ্ংশত গৰাখহনীয়া ,বানপানী ভয়াৱহতা হ্ৰাস পাব বুলি ব্যক্ত কৰে ।

Conclusion:
মন কৰিবলগীয়া যে বিধায়কগৰাকীৰ এনে প্ৰচেষ্টা কেৱল চমক নহৈ বাস্তৱ সন্মত আৰু সুদূৰপ্ৰসাৰী হলে নিসন্দেহে ধেমাজিবাসীৰ বাবে ইতিবাচক বাৰ্তা হব ।

Pradunya Bharali , Dhemaji , Assam, 16/8/2019

Last Updated : Aug 16, 2019, 10:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.