ধেমাজি, 25 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক সামৰণি পৰিবলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ অৱস্থাত বুধবাৰে ধেমাজি নগৰৰ মাজমজিয়াত 113 নং ধেমাজি বিধান সভা সমষ্টিৰ বিজেপি গণশক্তি আৰু অগপৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ হৈ ধেমাজি টাউন মণ্ডল বিজেপি উদ্যোগত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷
ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সভাপতিত্ব কৰা সভাত সভাপতি গৰাকীয়ে নগৰৰ 27 টা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ভোট পাবই লাগিব বুলি আশা প্ৰকাশ কৰে ৷ উক্ত সভাত সাংসদ প্ৰদান বৰুৱাই বিৰোধী কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক সমালোচনা কৰি কয় যে, তেওঁলোকে এই নিৰ্বাচনত জয়ী হব নোৱাৰে ৷ কেৱল বদৰুদ্দিন আজমলক সহায় কৰিবৰ বাবেহে তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি কটাক্ষ কৰি ধেমাজি সমষ্টিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুক ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক বৰুৱাই আহ্বান জনায় ৷
লক্ষণীয়ভাৱে ধেমাজি নগৰৰ মাজমজিয়াত নিৰ্বাচনী প্ৰচাৰ সভাখন অনুষ্ঠিত কৰা বাবে বহুসময় ধৰি নগৰবাসীয়ে যানজঁটৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৷
লগতে পঢ়ক: শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা