ETV Bharat / state

ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন

author img

By

Published : Dec 30, 2020, 7:24 PM IST

বুধবাৰে ধেমাজিৰ প্ৰমোদ ভৱনত ৰাইজৰ দলৰ প্ৰতিনিধিমূলক সভা । আজিৰ সভাতে গঠন হয় দলটোৰ ধেমাজি জিলা সমিতি । ধেমাজি জিলা সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰবি গগৈক ।

ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন
ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন

ধেমাজি, ৩০ ডিচেম্বৰ: ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন সন্দৰ্ভত এখন প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হয় । বুধবাৰে প্ৰমোদ ভৱনত অনুষ্ঠিত এই সভাত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক ভাস্ক' ডি শইকীয়াসহ অন্যান্য বিষয়ববীয়াসকল । কেশৱ কৃষ্ণ সূত্ৰধাৰে সভাপতিত্ব কৰা এই সভাত প্ৰথমে 'কা' বিৰোধী আন্দোলনৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ১ মিনিট সময়ৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় ।

ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন
ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন

ইয়াৰ পিছতে দলটোৰ ধেমাজি জিলা সমিতি গঠন কৰা হয় । জিলা সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ৰবি গগৈক আৰু কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকে নৱডেকা বৰুৱা আৰু ফনিৰাম টায়েংক । প্ৰসন্ন বৰা, বিলাৰস পেগু আৰু মুনিন্দ্ৰ দাসক সাধাৰণ সম্পাদক, সুভন গগৈসহ ৮ গৰাকী সম্পাদক, দুগৰাকী উপ-সভাপতি, ২ গৰাকী উপদেষ্টা আৰু ১০ গৰাকী সদস্যৰে গঠন কৰা হয় ৰাইজৰ দলৰ ধেমাজি জিলা সমিতি ৷

আগন্তুক দিনত ৰাইজক লগত লৈ আগবাঢ়ি যোৱাৰ সংকল্প লয় দলটোৰ কৰ্মীসকলে । উল্লেখ্য যে, কৃষক নেতা অখিল গগৈ কাৰাবন্দী হৈ থাকিলেও ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত নিৰ্বাচনী ৰণকৌশল যুগুত কৰাত পিছপৰি ৰোৱা নাই ৰাইজৰ দলৰ নেতা-কৰ্মীসকল ।

লগতে পঢ়ক:উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ এগৰাকী যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.