জোনাই,৮ নৱেম্বৰঃ সমাগত বিধান সভাৰ ২১’ৰ নিৰ্বাচনত এজেপি আৰু ৰাইজৰ দলক ঐক্যবদ্ধ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে। জোনাইত অনুষ্ঠিত হোৱা ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰ্ধিত কাৰ্যনিবাহক সভাত উপস্থিত থাকি এই আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হ’লেহে ২০২১ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিচৰামতে এখন চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰে ধৈৰ্য কোঁৱৰে। কৃষক নেতাগৰাকীয়ে কয় যে, সাম্প্ৰদায়িক বিজেপি ফেচিবাদী; যদিহে বিজেপিক প্ৰতিহত কৰিব লগা হয়, তেতিয়াহ’লে সন্মিলিত প্ৰচেষ্টাৰে সকলোৱে আগবাঢ়িব লাগিব ৷ কাৰণ সকলো আঞ্চলিক শক্তিয়ে মিলিত হ’ব লাগিব বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৷ সেয়েহে অসমৰ জন জীৱনৰ পৰা অহা ভাবুকিৰ প্ৰতি গুৰুত্ব দি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলক একেলগ হ’বলৈ আহ্বান জনাইছে ।
ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শুকুবাৰে এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা জোনাইৰ সাপ্তাহিক বজাৰত অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধৰ্য্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ উপস্থিত থাকে ৷ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত জিলা সমিতিৰ সভাপতি ছেইফ পাৱ আৰু ভবেন শালৈৰ সভাপতিত্বত হোৱা সভাখনত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা 'ৰাইজৰ দল' ত যোগদান কৰা সতীৰ্থ সকলক বিদায় জনায় ।
লগতে পঢ়কঃ পাকিস্তান নহয়, এইবাৰ "জয় বাংলাদেশ" বিতৰ্ক !