জোনাই,৯ জানুৱাৰী: সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত কৰা হৈছে ৰাইজৰ উৎসৱ । শিশুৰ বৌদ্ধিক মানসিক বিকাশ তথা ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি শিশুসকলৰ মাজত দাঙি ধৰাৰ উদ্দেশ্যৰেই সমগ্ৰ শিক্ষা অসমে অনুষ্ঠিত কৰিছে এই উৎসৱটিৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত আৰু জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ সহযোগত শনিবাৰে জেলেম আৰু কেমি মণ্ডল সমল কেন্দ্ৰৰ পৰিচালনাৰে পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৰাইজৰ উৎসৱ(Public festival observed in Jonai) ৷
শিক্ষা ব্যৱস্থাত সমাজৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ প্ৰয়াস স্বৰূপে শনিবাৰে কেমি আৰু জেলম মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ক্ৰমে মনেশ্বৰ টাইড আৰু লোহিত ফুকনৰ পৰিচালনাত আৰু বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষত্ৰীসকলৰ লগতে অভিভাৱক ৰাইজৰ সহযোগত পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত উদযাপন কৰা ৰাইজৰ উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে আৰম্ভ কৰে বৃক্ষ ৰোপণেৰে ৷ বৃক্ষ ৰোপণ কৰে কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দত্তৰাম দলেয়ে(Public Festival in Jonai-2023) ৷
ইফালে জেলেম আৰু কেমি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় ১৫ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ৷ ইয়াৰ পিছতে কণ কণ ছাত্ৰছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, কবিতা আবৃতি, নৃত্য, মিউজিক চেয়াৰ, পানী-পাৰ, হাঁহ ধৰা আদি বিভিন্ন প্ৰতিযোগিতা ৷ ইফালে বিদ্যালয় পৰিচালনা সমিতি সমূহৰ মাজত অনুষ্ঠিত কৰে ৰছি টনা প্ৰতিযোগিতা(Raijor Utsav held in Jonai) ৷
ৰাইজৰ উৎসৱ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰেমনাথ দলে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাহিৰ চিলে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ভূপেন বৰুৱা আৰু চাংগা জোনাই মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক অযোধ্যা লাগাছুৱে ৷
উল্লেখ্য যে ৰাইজৰ উৎসৱৰ এই অনুষ্ঠানত জেলম আৰু কেমি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ১৫ খন বিদ্যালয়ৰ(Govt school in Assam) পৰিচালনা সমিতিৰ সভাপতিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ ক্ৰিয়া-কলাপৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় স্থাপন কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: Man Elephant Conflict: হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কি পৰামৰ্শ বিধায়ক পদ্ম হাজৰিকাৰ ?