ETV Bharat / state

Public Caught Drugs Paddler: চিমেন চাপৰিত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক - Caught Drugs Paddler at Simen Chapori in Jonai

চিমেন চাপৰিত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে স্থানীয় ৰাইজে ৷ তিনিজন যুৱকক ড্ৰাগছৰ সৰবৰাহ কৰাৰ সন্দেহত ৰাইজে আটক কৰিবলৈ চেষ্টা চলায় যদিও দুটা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় (Public Caught Drugs Paddler at Simen Chapori) ৷

Public Caught Drugs Paddler
আটক ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : May 29, 2023, 4:21 PM IST

চিমেন চাপৰিত আটক ড্ৰাগছ সৰবৰাহকাৰী

জোনাই, 29 মে’: চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে যদিও এতিয়াও বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ ৷ সোমবাৰে পুৱা 8 বজাত 3 নং চিমেন চাপৰিত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে স্থানীয় ৰাইজে (Public Caught Drugs Paddler) ৷

3 নং চিমেন চাপৰিৰ শ্যাম চুতীয়া নামৰ ব্যক্তিজনৰ ঘৰলৈ অহা তিনিজন যুৱকক ড্ৰাগছৰ সৰবৰাহকাৰীৰ সন্দেহত ৰাইজে আটক কৰিবলৈ চেষ্টা চলায় ৷ এখন মটৰ চাইকেলত দুজন যুৱক আৰু আন এজন যুৱক ঘৰটোত প্ৰৱেশ কৰিবলৈ লওঁতে স্থানীয় ৰাইজে যুৱক কেইজনক ধৰিবলৈ চেষ্টা চলায় ৷ তেনে অৱস্থাতে দুজন যুৱক মটৰ চাইকেলত উঠি পলায়ন কৰে আৰু আন এজন দৌৰি গৈ চিমেন চাপৰি কস্তৰবা গান্ধী বালিকা বিদ্যালয়ত আত্মৰক্ষাৰ বাবে প্ৰৱেশ কৰোঁতেই ৰাইজে তাতেই আটক কৰে যুৱকজনক ৷ আটকাধীন যুৱকজন অৰুণাচল প্ৰদেশৰ চেৰেণ গাঁৱৰ গামোৰ দয়ে (35) বুলি জানিব পৰা গৈছে (Public Caught Drugs Paddler at Simen Chapori) ৷

উল্লেখ্য যে ৰাইজে যুৱকৰ দলটোক ধৰিবলৈ চেষ্টা কৰাৰ সময়তেই ড্ৰাগছ সৰবৰাহকাৰী শ্যাম চুতীয়াৰ পুত্ৰ দেৱজিৎ চুতীয়া গাড়ী লৈ ঘৰৰ পৰা উধাও হয় ৷ স্থানীয় ৰাইজে আটকাধীন গামোৰ দয়েক সোধপোছ কৰাত ব’হাগ বিহুৰ সময়ৰ পৰাই দেৱজিৎ চুতীয়াই ড্ৰাগছ যোগান ধৰি আহিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ পাছতেই ৰাইজে আৰক্ষীক খবৰ দিয়াত গামোৰ দয়েক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় (Drugs Paddler Detained at Simen Chapori) ৷

উল্লেখযোগ্য যে যোৱা 4 এপ্ৰিল তাৰিখে চিমেন চাপৰি আৰক্ষীয়ে আটক‌ কৰিছিল ড্ৰাগছ আৰু নগদ ধনসহ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷ ড্ৰাগছসহ আটকাধীন সৰবৰাহকাৰী কেইটা হ'ল 3 নং চিমেন চাপৰিৰ শ্যাম চুতীয়াৰ পুত্ৰ দেৱজিৎ চুতীয়া (23), চমকং বালিগড়া গাঁৱৰ দিব্য দ্বাৰিকৰ পুত্ৰ মিগম দ্বাৰিক (18) আৰু মিছামৰাৰ থুলুংগা গয়াৰী (23) (Caught Drugs Paddler at Simen Chapori in Jonai) ৷

চিমেন চাপৰি আৰক্ষীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা বুলি বিশেষ সূত্ৰে খবৰ লাভ কৰি 4 এপ্ৰিলৰ নিশা 9 বজাত চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি গাঁৱৰ পৰা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য শ্যাম চুতীয়াৰ কনিষ্ঠ পুত্ৰ দেৱজিৎ চুতীয়াক আটক কৰি 70.95 গ্ৰাম ড্ৰাগছৰ লগতে পাঁচহাজাৰ টকা জব্দ কৰে ৷ লগতে ধৃত মিগম দ্বাৰিকৰ পৰা 13.81 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ ইয়াৰ পাছতে 5 এপ্ৰিলৰ পুঁৱতি নিশা মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ থুলুঙ্গা গয়াৰীৰ পৰা 8.3 গ্ৰাম ড্ৰাগছৰ লগতে 500 টকা জব্দ কৰিছিল আৰক্ষীয়ে ৷

শেহতীয়াকৈ বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষীয়ে গ্ৰহণ কৰা তৎপৰতাক স্থানীয় ৰাইজে শলাগ লৈছে যদিও চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ সময়তে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীয়ে নিৰ্বিঘ্নে ড্ৰাগছ সৰবৰাহ কৰা কাৰ্যই উঠি অহা প্ৰজন্মক নিঃশেষ কৰিব বুলি আশংকা ব্যক্ত কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: AEC Students death in Road Mishap: জালুকবাৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.