ETV Bharat / state

অৰুণাচলৰ পূৱ চিয়াং জিলাত ২৪ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - protest continue at by student union at east Chiang district

অৰুণাচল প্ৰদেশৰ কৰাং অঞ্চলটোক নামনি চিয়াং জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশৰ দুটাকৈ ছাত্ৰ সংগঠনে ৷ মঙলবাৰে ছাত্ৰ সংগঠন দুটাৰ আহ্বানত স্তব্ধ হৈ পৰে পূৱ চিয়াং জিলা ৷

protest-continue-at-by-student-union-at-east-chiang-district-of-arunachal
অৰুণাচল পূৱ চিয়াং জিলাত ২৪ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
author img

By

Published : Aug 10, 2021, 10:55 PM IST

জোনাই, 10 আগষ্ট : অৰুণাচল প্ৰদেশত নামনি চিয়াং জিলা নতুনকৈ ঘোষণা হোৱাৰ পিছত চৰকাৰে কৰাং অঞ্চলটোক নামনি চিয়াং জিলাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত মঙলবাৰে 24 ঘন্টীয়া পূৱ চিয়াং জিলা বন্ধ ঘোষণা কৰে আদী বা:নে কৌবাং যুৱ শাখা(ABKYW) আৰু অৰুণাচলৰ আদি ছাত্ৰ সন্থাই ৷ উক্ত বন্ধৰ বাবে জোনাই সদৰলৈ আহিবলৈ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় সাধাৰণ ৰাইজ ৷ সমগ্ৰ জিলাখনতে দেখা যায় বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলা আৰু নামনি চিয়াং জিলা বিভক্ত হোৱাত অৰুণাচলৰ কৰাং অঞ্চলটোক অৰুণাচল চৰকাৰে পূৱ চিয়াং জিলাৰ পৰা নামনি চিয়াং জিলাত অন্তৰ্ভুক্ত কাৰিছে ৷ কিন্তু অৰুণাচল প্ৰদেশৰ কৰাং অঞ্চলটো পূৰ্বৰে পৰাই পূৱ চিয়াং জিলাতেই অন্তৰ্ভুক্ত হৈ আছিল ৷

যাৰ বাবে উক্ত বিষয়টোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মঙলবাৰে 24 ঘন্টীয়া পূৱ চিয়াং জিলা বন্ধ ঘোষণা কৰিছিল অৰুণাচল প্ৰদেশৰ দুই অন্যতম ছাত্ৰ সংগঠনে ৷

লগতে পঢ়কঃ এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

যদিহে অৰুণাচল চৰকাৰে উক্ত দাবী মানি নলয় তেন্তে আগন্তুক সময়ত ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে আদী বা:নে কৌবাং যুৱ শাখা আৰু অৰুণাচলৰ আদী ছাত্ৰ সন্থাই ৷

ইফালে মঙলবাৰৰ পূৱ চিয়াং জিলাৰ বন্ধৰ ফলত অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ অন্তৰ্গত অসমৰ ঐৰামঘাট, কেমি, পুৰণাজেলম, চিৰুং লেকু গাঁৱসমূৰ লোকসকল জোনাই সদৰলৈ আহিবলৈ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷

লগতে পঢ়কঃ উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.