ETV Bharat / state

ধেমাজিৰ বিশাল জন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

author img

By

Published : Feb 22, 2021, 3:43 PM IST

Updated : Mar 2, 2021, 12:13 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ভাষাতেই ধেমাজিবাসীক সম্বোধন কৰি বিশাল জন সমাৱেশত ৰিম'ট কন্ট্ৰল সজুলিৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷

ধেমাজিৰ বিশাল জন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ধেমাজিৰ বিশাল জন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ধেমাজি, 22 ফেব্ৰুৱাৰী: ধেমাজি চিলাপথাৰৰ পিয়াং চাপৰি চিতলমাৰী পথাৰত বিশাল জন সমাৱেশত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ অসমীয়া ভাষাতেই ধেমাজিবাসীক সম্বোধন কৰি প্ৰায় ডেৰ লক্ষাধিক লোকৰ সন্মুখতে ৰিম'ট কন্ট্ৰল সঁজুলিৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷

উল্লেখ্য যে, এই সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, বঙাইগাঁও ৰিফাইনেৰীস্থিত ইণ্ডমেক্স ইউনিট, মধুবন, ডিব্ৰুগড়স্থিত চেকেণ্ডাৰী টেংক ফাৰ্ম, তিনিচুকীয়াস্থিত গেছ কম্পেছাৰ ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা সাংসদ উপস্থিত থাকে ৷

লগতে পঢ়ক: শংকৰ-আজানৰ মিলনভূমিত পৰিণত মৰিগাঁৱৰ দন্দুৱা

Last Updated : Mar 2, 2021, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.