ETV Bharat / state

ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি - ৰিফাইন তেল

ধেমাজিৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ দাম বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজিৰ একাংশ ব্যৱসায়ী ৷

ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

author img

By

Published : Apr 24, 2021, 8:51 AM IST

ধেমাজি,24 এপ্ৰিল: এফালে কৰ’ণাৰ সংহাৰী ৰূপ আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এই দুই পৰিস্থিতিয়ে জুৰুলা কৰিছে ধেমাজিৰ সৰ্ব সাধাৰণ ৰাইজক ৷ দাম বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজি নগৰৰ সদাব্যস্ত ২নং দৈনিক বজাৰৰ একাংশ খুচুৰা ব্যৱসায়ীৰ লগতে নগৰখনৰ কেইবাখনো পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ইয়াৰ লগতে দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে একাংশ ব্যৱসায়ীয়ে ৷ তেওঁলোকে জনোৱা মতে, বিগত সপ্তাহৰ পৰা হোৰাহোৰে বৃদ্ধি পাইছে মিঠাতেল, ৰিফাইন তেল, দালি, আলু, পিঁয়াজ আদিৰ দাম ৷ পাইকাৰী ব্যৱসায়ীসকলৰ মতে,মিঠাতেলৰ প্ৰতি লিটাৰত দাম বৃদ্ধি পাইছে ১০-১২ টকালৈ ৷ মচুৰ ডাইলৰ প্ৰতি কিল’গ্ৰামত ৫-১০ টকাকৈ হৈছে মূল্য বৃদ্ধি ৷ অনুৰূপভাৱে বাঢ়িছে আলু, পিঁয়াজৰ দাম ৷

ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ব্যৱসায়ীসকলে জনোৱা মতে, এনেদৰে সঘনাই দাম সলনি হৈ থকাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই ৷ কৰ’ণাৰ সংক্ৰমণ অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি কৰি বজাৰ নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা স্পষ্টৰূপত দেখা দিছে ৷ সেয়ে ব্যৱসায়ীসকলে এইক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক : ক’ভিড টেষ্টৰ ভয়ত বিমান বন্দৰৰ পৰা পলায়ন কৰা যাত্ৰী বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.