ETV Bharat / state

ধেমাজিত ১৪-২৮ ফেব্ৰুৱাৰীলৈ 'ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস'

author img

By

Published : Feb 12, 2021, 9:10 PM IST

ধেমাজিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব । দিৱসৰ কাৰ্যসূচী সম্পৰ্কে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদ মেল ধেমাজি জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ।

ধেমাজিত ১৪-২৮ ফেব্ৰুৱাৰীলৈ 'ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস'
ধেমাজিত ১৪-২৮ ফেব্ৰুৱাৰীলৈ 'ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস'

ধেমাজি,১২ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত অহা ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰীলৈ জিলাখনত পেলু নিৰ্মূলকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ সেই সন্দৰ্ভত ধেমাজি প্ৰেছ ক্লাৱত শুক্ৰবাৰে ধেমাজি স্বাস্থ্য বিভাগে এখন সংবাদ মেল সম্বোধন কৰে ৷ পষেকজোৰা এই পেলু নিৰ্মূলকৰণ কাৰ্যসূচীত এইবাৰ আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ধেমাজি জিলাৰ এবছৰৰ পৰা ১৯ বছৰ বয়সৰ সৰ্বমুঠ ৩৪,৫৪৯ গৰাকী লৰা-ছোৱালীক পেলু নাশক এলবেণ্ডাজল টেবলেট প্ৰদান কৰিব বুলি সংবাদমেলত সদৰি কৰে ধেমাজিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: উদয়ন বৰুৱাই ৷

তেওঁ জানিব দিয়া মতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত এই পেলু নাশক টেবলেট সম্পূৰ্ণ নিৰাপদ ৷ ইয়াৰ বাবে জিলা স্বাস্থ্য বিভাগে যথেষ্ট সজাগ আৰু সাৱধানতা অবলম্বন কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ পেলু নাশক ঔষধ সেৱন কৰাৰ উপৰিও হাতৰ নখ চাফা আৰু চুটিকৈ কটা ,বিশুদ্ধ পানী খোৱা, চাবোনেৰে ভালদৰে হাত ধোৱা আদিৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলি কয় স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ সংবাদ মেলখন আঁত ধৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰচাৰ বিভাগৰ বিষয়া অচ্য়ুৎ গগৈয়ে ৷

লগতে পঢ়ক:বঙাইগাঁৱত পাঁচ শতাধিক হিতাধিকাৰীলৈ বাৰ কোটি টকাৰ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.