ETV Bharat / state

ধেমাজিৰ ঘিনাই চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে নদী উৎসৱৰ আয়োজন

ধেমাজি জিলাৰ৷ ঘিনাই চাপৰি বহুমুখী পামৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰিভাৰ ফেষ্টিভেল বা নদী উৎসৱ অনুষ্ঠিত হ’ব ৷ পামখনত পৰ্যটকৰ বাবে কেইবাটাও অতিথিশালা নিৰ্মাণ কৰি দিয়া হৈছে ৷

press_meet_on_river_festivals
ধেমাজিৰ ঘিনাই চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে নদী উৎসৱৰ আয়োজন
author img

By

Published : Apr 7, 2021, 2:21 PM IST

ধেমাজী, 7 এপ্ৰিল: ধেমাজি জিলাৰ মাছখোৱা লাইপুলীয়া নদীৰ পৰিৱেশ আৰ্কষণীয় হৈ পৰিছে ৷ ঘিনাই চাপৰি বহুমুখী পামৰ উদ্যোগত 10, 11 আৰু 12এপ্ৰিলত বৰ্ণিল কাৰ্যসূচীৰে ৰিভাৰ ফেষ্টিভেল অৰ্থাত নদী উৎসৱ অনুষ্ঠিত হ’ব ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উৎসৱক কেন্দ্ৰ কৰি ঘিনাই চাপৰি বহুমুখী পামতে এখন সংবাদমেল সম্বোধন কৰে আয়োজক সমিতিয়ে ৷

উদ্যোক্তা মুহি বৰগোহাঁইয়ে কয় যে, ধেমাজি জিলাৰ এই অঞ্চলটো অতি আওহতীয়া হোৱাত পূৰ্বতে মানুহৰ আগমন হোৱা নাছিল কিন্তু এই পামখন প্ৰতিষ্ঠা কৰাৰ পাছতেই বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ আগমন হয় ৷ পামখনত গাহৰিপালন, মীন পালনকে ধৰি, হাঁহ পালন, কুকুৰা পালন কৰা হয় ৷

উল্লেখযোগ্য যে, পামখনত পৰ্যটকৰ বাবে কেইবাটাও অতিথিশালা নিৰ্মাণ কৰি দিয়া হৈছে ৷ সেয়েহে লাইপুলীয়া নদীৰ পৰিৱেশৰ মাজতে গ্ৰাম্য পৰ্যটনৰ দিশটোক অধিক প্ৰাধান্য দি এইদৰে ৰিভাৰ ফেষ্টিভেল আয়োজন কৰা হয় ৷ ইয়াৰোপৰি এই তিনিদিনীয়া কাৰ্য্যসূচীত চিত্ৰাংকণ প্ৰতিযোগিতা, বেলুনত উঠাৰ লগতে থলুৱা খাদ্য প্ৰদৰ্শনী, নৃত্য গীত আদি সমাহাৰ ঘটিব বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : বিলুপ্তিৰ পথত ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.