ETV Bharat / state

Constituency delimitation 2023 : চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত ৰখাৰ দাবীত সংবাদমেল

author img

By

Published : Jul 10, 2023, 8:21 AM IST

প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত ৰখাৰ দাবীত সংবাদমেল সমষ্টি দাবী সমিতিৰ । চিচিবৰগাওঁ সমষ্টি সংৰক্ষণ মুক্ত কৰাত সমৰ্থন আছে জনজাতি সংগঠনৰ ।

Press meet on Constituency delimitation at Jonai
চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত ৰখাৰ দাবীত সংবাদমেল

জোনাই, 10 জুলাই : ধেমাজি জিলাত নতুনকৈ গঠন হ'বলগীয়া প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰি গঠন কৰিবলৈ জিলাখনৰ অজনজাতি লোকৰ লগতে প্ৰায় সকলোবোৰ জনজাতি দল-সংগঠন আৰু ৰাজনৈতিক দলে 2004 চনৰ পৰাই দাবী জনাই আহিছিল ৷ এইমৰ্মে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত সমষ্টিত সংৰক্ষণ মুক্ত হিচাপে তালিকা প্ৰকাশ কৰিছে । কিন্তু একাংশ স্বল্পখ্যাত সংগঠনে চিচিবৰগাঁও সমষ্টিটো পুনৰ সংৰক্ষণ কৰিব লাগে বুলি নিৰ্বাচন আয়োগৰ কাষ চপাৰ পাছতেই শনিবাৰে চিলাপথাৰ চুকাফা ভৱনত সমষ্টি দাবী সমিতিয়ে এক সংবাদ মেলৰ আয়োজন কৰি চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণ কৰাৰ অমূলক দাবী উত্থাপন কৰাসকলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।

জনজাতি দল-সংগঠনৰ মেৰুদণ্ডস্বৰূপ ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীৰ লগতে টিএমপিকে আৰু অন্যান্য বহুকেইটা জনজাতীয় দল-সংগঠনে লিখিতভাৱেও সমষ্টিটো 53 শতাংশ অজনজাতি ৰাইজৰ বাবে সংৰক্ষণমুক্ত কৰাৰ বাবে লিখিতভাৱে নিৰ্বাচন আয়োগক আবেদন জনাইছিল বুলি দাবী কৰে সমষ্টি দাবী সমিতিয়ে । বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ভূমি প্ৰস্তাৱিত চিচিবৰগাওঁ সমষ্টিটো সংৰক্ষণমুক্ত কৰিলে সকলোৱে সমন্বয়ৰ মাজেৰে এগৰাকী জন প্ৰতিনিধি বিধানসভালৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব বুলি কয় উদ্যোক্তাসকলে ৷

সমষ্টিত অন্তৰ্ভুক্ত নোহোৱা লোকৰ লগতে কেইজনমান বিশেষ ৰাজনৈতিক দলৰ ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে বুলি তীব্ৰ সমালোচনা কৰে দাবী সমিতিয়ে । প্ৰায় 1,85,000 জনসংখ্যা থকা বিধানসভা সমষ্টিটো জনজাতিৰ সংখ্যা 24 শতাংশৰ বিপৰীতে অজনজাতিৰ সংখ্যা 76 শতাংশ । চিচিবৰগাওঁ সমষ্টি হিন্দু বাঙালীক গতাই দিয়া বুলি মন্তব্য কৰা বিধায়ক অখিল গগৈকো নিজৰ স্পষ্টীকৰণ দিবলৈ দাবী জনোৱা হয় সংবাদ মেলযোগে ।

সংবাদ মেল সম্বোধনৰ পূৰ্বে আটাছু, আক্ৰাছু, চুতীয়া জাতি সন্মিলন, বাঙালী ফেডাৰেশ্যন, নাথ যোগী, আগছু, যুৱ পৰিষদৰ লগতে বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনসমূহৰ এক সৰ্বদলীয় সভা অনুষ্ঠিত হয় আৰু প্ৰস্তাৱিত চিচিবৰগাওঁ বিধানসভা সমষ্টি সংৰক্ষণ মুক্ত ৰখাৰ বাবে সকলোৱে নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক : Congress leader Manajit Mahanta news : বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক মনজিৎ মহন্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.