ধেমাজি, ২২ মে': অহা ২৬ মে'ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী সমন্ধয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশন (All Assam Bengali Youth Students Federation)। অহা ২৮ মে'লৈকে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশনৰ লগতে অষ্টম দ্বি-বাৰ্ষিক ধেমাজি জিলা সমিতিৰ অধিবেশনৰ আয়োজন কৰা হৈছে । ইতিমধ্য়ে এই অধিবেশনৰ প্ৰস্তুতিৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে (Session of Bengali Youth Students Federation)।
উদ্য়োক্তাসকলে সদৰি কৰা অনুসৰি এই অধিৱেশনৰ প্ৰতিনিধি সভাত ২ হাজাৰ ৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব (Session of AABYSF at Silapathar)। দ্বিতীয় দিনাৰ কাৰ্যসূচীত আছু,টিএমপিকে (TMPK),এবছু, আটাছু,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (AJYCP), গোৰ্খা আদি বিভিন্ন জাতীয় দল সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিব ৷ কেইবাবিঘা ভূমিত অনুষ্ঠিত হ'ব লগা অধিবেশনৰ বাবে নেতাজী সমন্বয় ক্ষেত্ৰত নিৰ্মাণ কৰি থকা হৈছে বিশাল মণ্ডপ । তদুপৰি মূল তোৰণ,পতাকা বেদী,শ্বহীদ বেদী,প্ৰদৰ্শনী মণ্ডপ আদিৰো নিৰ্মাণকাৰ্য চলি আছে (Preparation of Session of AABYSF)।
ৰাজ্য়খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া প্ৰায় ৫০ হেজাৰ ৰাইজক আদৰিবলৈ সাজু হৈছে অভ্যৰ্থনা সমিতি (15th Central Biennial Session of AABYSF)। প্ৰায় ১ কোটি ৫০ লাখৰো অধিক ব্যয়ৰে অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ ২৮ মে'ৰ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়কে ।
অন্তিম দিনা সন্ধিয়া সাংস্কৃতিক সংগীতানুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ,বাংলা চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেতা শ্ৰাৱস্তী চেটাৰ্জী,ইণ্ডিয়ান আইডলৰ জনপ্ৰিয় কণ্ঠ শিল্পী অৰুণীতা কাঞ্জিলালৰ লগতে স্থানীয় কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব । সকলো ৰাইজকে অধিৱেশনখনি সফল কৰিবলৈ সহায় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাইছে অভ্যৰ্থনা সমিতিয়ে ।
লগতে পঢ়ক:Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদহে; কবৰস্থানত উত্তপ্ত পৰিস্থিতি