ধেমাজি , ৭, এপ্ৰিল :"অনিল বৰগোহাঁয়ে নিৰ্বাচন খেলিলেও সেয়া সম্পূৰ্ণৰূপে অবৈধ হ'ব ৷"এই মন্তব্য লক্ষীমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ ৷ কিয়নো বিজেপি দলৰ সদস্যসকলে অনা অভিযোগ অনুসৰি অনিল বৰগোঁহাই এজন ৰে'লৱে ঠিকাদাৰ আৰু তাৰ সম্পূৰ্ণ কাগজ-পত্ৰ আছে বিজেপি দলৰ ওচৰত ৷ মনোনয়ন দাখিল কৰাৰ সময়ত সেই কাগজ-পত্ৰ জমা দিব নোৱাৰাৰ বাবেই মনোনয়ন বাতিল নহল অনিল বৰগোঁহাইৰ৷ কিন্তু তেওঁ যে এজন ৰেলৱে ঠিকাদাৰ সেয়া এশ শতাংশই সত্য ৷ দেওবাৰে নিশা দক্ষিণ ধেমাজিৰ বটুৱা অঞ্চলত বিজেপিৰ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদান বৰুৱাই এনেদৰে আক্ৰমণ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইক ৷
তদুপৰি চৰকাৰৰ বিভিন্ন অভিলাষী আচঁনিৰ বিষয়ে উল্লেখ কৰি বিৰোধীক পৰাভূত কৰি নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'ব বুলি কৈ ৰাইজৰ সহযোগিতা বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ৷ সভাত অঞ্চলটোৰ বিশ জনৰো অধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে । ইয়াৰে কেইবাজনো কংগ্ৰেছ দলৰ কৰ্মী ৷