ETV Bharat / state

Power Minister Bimal Bora at Gogamukh: পৰিদৰ্শন কৰিলে অঞ্চলটোৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা

শনিবাৰে গোগামুখৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ বিদ্যুৎ সংযোগ পৰ্যবেক্ষণ কৰে শক্তি মন্ত্ৰী বিমল বৰাই (Bimal Bora inspected the power connection system at Gogamukh) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যয়বহুল যোজনা "দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা" (Deen Dayal Upadhyaya Gram Jyoti Yojana)ৰ অধীনত অসমত বিগত 5 বছৰ ধৰি বিদ্যুৎ সংযোগ নোহোৱা ঘৰ তথা গাঁও সমূহত বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে কাৰ্যসূচী হাতত লৈ অহা হৈছে ।

minister_bimal
গোগামুখত শক্তি মন্ত্ৰী বিমল বৰা
author img

By

Published : Feb 12, 2022, 9:45 PM IST

ধেমাজী, 12 ফেব্ৰুৱাৰী : শনিবাৰে পুৱা 4 বজাতে ওলাই গোগামুখৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ অঞ্চলটোৰ বিদ্যুৎ সংযোগ পৰ্যবেক্ষণ কৰে শক্তি মন্ত্ৰী বিমল বৰাই (Minister Bimal Bora inspected the power connection system at Gogamukh) ৷ যাতে কোনো ব্যক্তিয়েই বিজুলী সংযোগৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলাৰ ঢকুৱাখনাৰ লগতে গোগামুখৰ অতি দুৰ্গম অৰুণাচলৰ সীমান্ত অঞ্চল মিংমাং ঘাছি পথাৰত নিৰ্মাণ হৈ থকা বিভিন্ন স্থান‌সমূহ‌ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

দেশৰ প্ৰত্যেক গৰাকী নাগৰিকৰ ঘৰেই যাতে বৈদ্যুতিক সংযোগেৰে সংযোজিত হ'ব পাৰে সেই লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যয়বহুল যোজনা "দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা" (Deen Dayal Upadhyaya Gram Jyoti Yojana) ৰূপায়ণ কৰিছিল ৷ এই যোজনাৰ অধীনত অসমত বিগত 5 বছৰ ধৰি বিদ্যুৎ সংযোগ নোহোৱা ঘৰ তথা গাঁও সমূহত বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে কাৰ্যসূচী হাতত লৈ অহা হৈছে ।

গোগামুখত শক্তি মন্ত্ৰী বিমল বৰা

ইয়াৰোপৰি অতিৰিক্তভাৱে ৰোৱা 4 লাখ 80 হাজাৰ লোককো বিদ্যুৎ যোগান ধৰিবলৈ আগন্তুক 28 ফেব্ৰুৱাৰীৰ ভিতৰত সংযোগৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰেও দ্ৰুত গতিত নিৰ্মাণৰ কাম আগবঢ়াই নিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে ৷ তদুপৰি বৰ্তমানেও বিদ্যুৎ সংযোগ নোপোৱা বহুকেইগৰাকী ব্যক্তিৰ লগতো বাৰ্তালাপত মিলিত হয় শক্তিমন্ত্ৰী বিমল বৰা । লগতে মাজুলীৰ পৰা যাত্ৰা কৰি ঢকুৱাখনা, ঘিলামৰাৰ পাছত অৰুণাচল সীমান্তৰ গোগামুখ মিংমাং ঘাছি পথাৰত উপস্থিত হৈ স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Hijab controversy: মুখমন্ত্ৰীয়ে দিলে সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.