ETV Bharat / state

Porag Festival : জোনাইৰ নাহৰ চিলে গাঁৱত পৰম্পৰাগত পঃৰাগ উৎসৱ

জোনাইত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মিচিং সমাজৰ অন্যতম পৰম্পৰাগত পঃৰাগ উৎসৱ (Porag Festival at Jonai) । শ শ লোকে ভিৰ কৰিছে পঃৰাগস্থলী । পৰম্পৰাগত খাদ্যৰ আয়োজন কৰাৰ লগতে গীত-নৃত্যৰে মুখৰিত নাহৰ চিলে গাঁও ।

Porag Festival
জোনাইৰ নাহৰ চিলে গাঁৱত পৰম্পৰাগত পঃৰাগ উৎসৱ
author img

By

Published : Apr 8, 2023, 4:53 PM IST

জোনাইৰ নাহৰ চিলে গাঁৱত পৰম্পৰাগত পঃৰাগ উৎসৱ

জোনাই,৮ এপ্ৰিল : ধেমাজি জিলাৰ জোনাই নাহৰ চিলে গাঁৱত উখল-মাখল পৰিৱেশ । লোকে লোকাৰণ্য হৈ পৰিছে গাঁওখন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকে ভিৰ কৰিছে গাঁওখনত ।

উল্লেখ্য যে, জোনাইৰ নাহৰ চিলে গাঁৱৰ মূৰং ঘৰত যোৱা ৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মিচিং সকলৰ পৰম্পৰাগত পঃৰাগ উৎসৱ (Porag Festival at Jonai) । যাৰ বাবে নাহৰ চিলে গাঁৱৰ পঃৰাগস্থলী গুমৰাগ, ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে । পৰম্পৰাগত শাক-পাচলিৰ ব্যঞ্জন, গাহৰি মাংসৰ উপৰিও পঃবৰৰ পৰা নিগৰি ওলাইছে পঃৰ আপং অৰ্থাৎ ছাঁই মদ ।

নাহৰ চিলে মুৰং ঘৰত চলি থকা পঃৰাগ উৎসৱত পৰম্পৰাগত ৰীতি-নীতিৰে দ্বিতীয় দিনা বিভিন্ন মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ পাছতে সুস্বাদু ব্যঞ্জনৰ জুতি লৈছে লোকসকলে । খাদ্য সম্ভাৰ প্ৰস্তুত কৰি বৰা, বৰানী আদিকে ধৰি পঃৰাগ উৎসৱৰ বিভিন্ন পদবীত থকা গাঁৱৰ ডেকা-গাভৰুসকলে একেলগে জঃচাগ খোৱাৰ লগতে পঃবৰৰ পৰা নিগৰি ওলাই অহা পঃৰ আপঙেৰে আপ্যায়ন কৰা হৈছে পঃৰাগ চাবলৈ অহা অতিথিসকলক (Porag festival observed by the Misings) ৷

উল্লেখ্য যে, পঃৰাগ উৎসৱৰ এই তিনি দিনত গাঁৱৰ সকলো ৰাইজৰ লগতে আলহী-অতিথি সকলোৱে একেলগে মুৰং ঘৰত অথবা পঃৰাগস্থলিৰ ভোজনালয়ত একেলগে আহাৰ গ্ৰহণ কৰিব । দূৰ দূৰণিৰত গাঁৱৰ পৰা বিয়া দিয়া জী-জোৱাইৰ লগতে পঃৰাগ চাবলৈ অহা অতিথিকো গাঁৱৰ ৰাইজে আদৰণি জনাইছে । ইফালে নাহৰ চিলে গাঁৱৰ ৰাইজে পঃৰাগ উৎসৱলৈ আমন্ত্ৰণ কৰি অনা জোনাইৰ ৩নং চিকাৰী গাঁৱৰ ডেকা-গাভৰু অৰ্থাৎ মিনম সকলে পঃৰাগ উৎসৱৰ দিনকেইটাত মিচিং সকলৰ পৰম্পৰাগত গুমৰাগ চঃমানেৰে মুখৰিত কৰি ৰাখিব পঃৰাগস্থলী ।

উল্লেখ্য যে পঃৰাগ হৈছে মিচিং লোকসকলৰ এক কৃষি ভিত্তিক উৎসৱ । অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপন কৰা হয় । ধেমাজিৰ জিলাৰ জোনাইকে ধৰি বিভিন্ন স্থানত এই উৎসৱ ব্যাপকভাৱে পালন কৰা দেখা যায় ।

লগতে পঢ়ক :Dibrugarh AASU Protest : গণিত আৰু বিজ্ঞানৰ ইংৰাজী মাধ্যমৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.