ETV Bharat / state

Bamboo bridge in Jonai : এখন বাঁহৰ সাকো আৰু সহস্ৰাধিক জনতা, যাতায়তৰ অতি দুখ লগা ছবি

স্বাধীনতাৰ ৭৫ বছৰ পাছতো উন্নয়নৰ পোহৰ দেখা নাই ধেমাজি জিলাৰ জোনাইৰ অধিকাংশ লোকে । বাৰিষা টুলুঙা নাও আৰু খৰালি এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে ভৰষা চেঙাজানৰ কেইবাখনো গাঁৱৰ ৰাইজৰ (People rely on a bamboo bridge)। শীঘ্ৰে এখন পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।

Bamboo bridge in Jonai
এখন বাঁহৰ সাকো আৰু সহস্ৰাধিক জনতা
author img

By

Published : Mar 2, 2023, 1:37 PM IST

এখন বাঁহৰ সাকো আৰু সহস্ৰাধিক জনতা

জোনাই, ২ মাৰ্চ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এতিয়াও নাও আৰু বাঁহৰ সাঁকোৱে একমাত্ৰ যাতায়াতৰ ভৰষা ধেমাজি জিলাৰ একাংশ লোকৰ (Bamboo bridge in Jonai)। চৰকাৰী বিভিন্ন আঁচনিয়ে আজি পৰ্যন্ত ঢুকি পোৱা নাই জিলাখনৰ বহু অঞ্চল । চৰকাৰৰ প্ৰতি মোহভংগ হৈছে জোনাইৰ চেঙাজান অঞ্চলৰ ৰাইজৰ ।

উল্লেখ্য যে জিলাখনৰ জোনাই চেঙাজানৰ কেইবাখনো গাঁৱৰ ৰাইজে নিতৌ যাতায়তৰ একমাত্ৰ ভৰষা বাঁহৰ সাঁকোৰে যাত্ৰা কৰিবলগীয়া হৈছে । এয়া আজিৰ সমস্যা নহয়, বছৰ বছৰ ধৰি ৰাইজে যাতায়তৰ নামত এনেদৰে দুৰ্ভোগ ভুগি আহিছে । প্ৰতি বছৰে কৰৈ নদীৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা দীঘলীয়া জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে পাৰ হয় ৰাইজ । আনহাতে সাঁকোখনেৰে পাৰ হ'বলৈ প্ৰতিবাৰতে ১০ টকাকৈ মাছুল দিব লাগে বৃহত্তৰ চেঙাজান অঞ্চলৰ ৰাইজে ।

ইফালে বাৰিষাৰ সময়তো বিপদসংকুলভাৱে এখন টুলুঙা নাঁৱেৰে কৰৈ নদীখন পাৰ হয় । কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ভৰষা জৰাজীৰ্ণ বাঁহৰ সাঁকোখন (Transportation by bamboo bridge)। নদীৰ সিপাৰে থকা প্ৰায় ২০ খন গাঁৱৰ ৰাইজে এখন দলং অথবা চৰকাৰী নাঁৱৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক‌ বহুবাৰ আবেদন নিবেদন কৰিছে । কিন্তু আজি পৰ্যন্ত কোনোধৰণৰ সঁহাৰি নোপোৱাত গাঁৱৰ ৰাইজে প্ৰতি বছৰে প্ৰায় ১৫০ মিটাৰ দীঘল জৰাজীৰ্ণ বাঁহৰ সাঁকোখন নিৰ্মাণ কৰি লয় ।

উল্লেখ্য যে জোনাই বিধানসভা সমষ্টিৰ চমকঙ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঙাজান অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও অতি পুতৌ লগা । চেঙাজান কৈবৰ্ত,অপ্সৰা,লাম্বা চাপৰি, লাম্বা মিলন, লাম্বা মিচিং, পাকৰী, কাংকান চাপৰি, বদলপুৰকে ধৰি দহখনৰো অধিক নৈপৰীয়া কৃষিজীৱী গাঁৱৰ ৰাইজে দশক দশক কাল ধৰি হাত নাও, চাইকেলেৰে কষ্টকৰ যাতায়ত কৰিব লগা হৈ আহিছে (Poor transportation system in Jonai)।

ইফালে চেঙাজান অঞ্চলৰ নৈপৰীয়া গাঁও কেইখনত আজিলৈকে এখনো হাইস্কুল নথকাৰ লগতে স্বাস্থ্যকেন্দ্ৰও নাই । যাৰ বাবে প্ৰতিদিনেই হাত নাৱেৰে লালী নদী পাৰাপাৰ হৈ অহাৰ লগতে খৰালিত এখন বাঁহৰ সাঁকোৱে যাতায়তৰ একমাত্ৰ ভৰষা তেওঁলোকৰ । লক্ষণীয়ভাৱে জনপ্ৰতিনিধিসকলে প্ৰতিবাৰে ৰাইজক বিভিন্ন ধৰণৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও নিৰ্বাচনৰ পাছত সকলো পাহৰি যায় । ফলত ভুক্তভোগী ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । অতিশীঘ্ৰে অঞ্চলটোৰ ৰাইজৰ এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Broken ring dam in Khowang : এটা ভগ্ন ৰিং বান্ধে নিদ্ৰা হৰিছে ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.