ETV Bharat / state

Poor condition of Health center: স্বাস্থ্যকেন্দ্ৰৰ বাহিৰত ৰোগী, ভিতৰত সুৰাৰ ভাটি - স্বাস্থ্যকেন্দ্ৰৰ বিলৈ

বাহিৰত ৰোগীক বহুৱাই ভিতৰত সুৰাৰ ভাটি বহুওৱা এখন আজৱ স্বাস্থ্য কেন্দ্ৰ ৷ ৰোগীৰ বিচনাৰ সলনি স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত ধানৰ ভঁৰাল (Poor condition of Rayankuli Government Sub Health Centre at Jonai )৷

Poor condition of Rayankuli Government Sub Health Centre at Jonai
বাহিৰত ৰোগী, ভিতৰত সুৰাৰ ভাটি
author img

By

Published : Aug 11, 2022, 7:47 PM IST

জোনাই, 10 আগষ্ট: অসমীয়াত এষাৰ কথা আছে যে আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল ৷ এই কথাষাৰকে প্ৰমাণ কৰি দেখুৱালে জোনাইৰ এখন স্বাস্থ্যকেন্দ্ৰই ৷ বাহিৰত ৰোগীক বহুৱাই ভিতৰত সুৰাৰ ভাটি বহুওৱা এইখন আজৱ স্বাস্থ্য কেন্দ্ৰ ৷ ৰোগীৰ বিচনাৰ সলনি স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত ধানৰ ভঁৰাল (Poor condition of Rayankuli Government Sub Health Centre at Jonai ) ৷

বাহিৰত ৰোগী, ভিতৰত সুৰাৰ ভাটি

এই ঘটনা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ ধেমাজি জিলাৰ জোনাইৰ ৰায়াংকুলি চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থা (Poor condition of Government Sub Health Centre) ৷ দীৰ্ঘদিন ধৰি গাওঁবাসীৰ লগত লুকাভাকু খেলি আছে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক-কৰ্মচাৰীয়ে ৷

উপায়হীন হৈ গাওঁবাসীয়ে স্বীকাৰ কৰিলে এই কথা,"আমি ডাক্টৰক চিনিয়েই নাপাওঁ, আজিলৈ দেখাই নাই ৷ স্বাস্থ্যকেন্দ্ৰখন সদায় তলা মৰাই থাকে, কেতিয়াবাহে খোলে ৷ 2-3 ঘণ্টামান খুলি আকৌ বন্ধ কৰি দিয়ে ৷"

স্থানীয় লোকে জনোৱা অনুসৰি ৰায়াংকুলি চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰটো সপ্তাহত মাত্ৰ দুটা দিন খোলা থাকে ৷ গাওঁবাসীৰ চিকিৎসা কৰাটো দুৰৰৈ কথা, স্বাস্থ্যকেন্দ্ৰটোৰ ভিতৰত চলে সুৰাৰ পাৰ্টি ৷ একাংশ লোকে স্বাস্থ্য কেন্দ্ৰটোৰ কোঠাসমূহ ধানৰ ভঁৰাললৈ পৰিণত কৰিছে ৷

উল্লেখনীয় যে চৰকাৰে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই উপ-স্বাস্থ্য কেন্দ্ৰসমুহ স্থাপন কৰিছিল । কিন্তু এতিয়া প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰত এনেদৰে একাংশ চিকিৎসক-কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰা দেখা গৈছে ৷ ৰাইজৰ উপকাৰ হোৱাৰ পৰিৱৰ্তে এই স্বাস্থ্য কেন্দ্ৰসমূহে চৰকাৰৰ চকুত ধূলি চটিয়াই এনেদৰে ঘৰত বহি বহিয়েই লৈ আছে চৰকাৰী দৰমহা ৷

এনে উপ-স্বাস্থ্য কেন্দ্ৰসমূহত বহু দূৰৰ পৰা ৰোগীয়ে চিকিৎসাৰ বাবে উপস্থিত হয় ঠিকেই, পিছে চিকিৎসক নাপাই পুনৰ ঘৰমুৱা হ'বলগীয়া হয় ৰোগী ৷ আনকি গৰ্ভৱতী মহিলাই স্বাস্থ্য কেন্দ্ৰলৈ আহিলেও চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক: Center depriving Assam: এম জি এনৰেগাৰ পুঁজিৰ নামত অসমক কেন্দ্ৰৰ ৰামঠগন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.