ETV Bharat / state

জোনাইৰ ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই উদঙালে বিকশিত অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰতিচ্ছৱি

author img

By

Published : Jan 3, 2020, 2:53 AM IST

ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰত ৷ ফলত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাতে বহি আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা ৷  উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ গা লৰাব পাৰিবনে নাই সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷

স্বাস্থ্যবিভাগৰ চৰম হেমাহি
ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰ

জোনাই,2 জানুৱাৰীঃ অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ প্ৰকৃত ছৱি ওলাই পৰিছে জোনাইত ৷ ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই তাকেই যেন প্ৰমাণ কৰিলে ৷ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে স্বাস্থ্যকেন্দ্ৰটোত ৷ ফলত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাতে বহি আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ অভাৱত বৃহস্পতিবাৰে স্বাস্থ্যকেন্দ্ৰটোৰ চিলিং খহি কথমপি প্ৰাণৰক্ষা পৰে কৰ্মৰত দুগৰাকী চিকিৎসা কৰ্মীৰ ।

চৰকাৰ আৰু স্বাস্থ্যবিভাগৰ চৰম হেমাহিৰ ফলত স্বাস্থ্যকেন্দ্ৰটোৰ চিলিঙৰ লগতে জহি-খহি গৈছে দুৱাৰ,খিৰিকী,বেৰ,মজিয়া আদি । সম্প্ৰতি ই একপ্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে ৷ ইফালে এই পৰিৱেশৰ বাবে কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে বাৰান্দাৰ পৰাই সমাপন কৰিছে কৰ্তব্য ৷

গোহালিসদৃশ পৰিৱেশে বিৰাজ কৰিছে স্বাস্থ্যকেন্দ্ৰটোত

জানিব পৰা মতে,জোনাই মহকুমাৰ স্বাস্থ্যবিষয়াই ঊৰ্ধতম কৰ্তৃপক্ষক বিষয়তো সন্দৰ্ভে কেইবাবাৰো আবেদন কৰাৰ পিছত,আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে ৷ ফলত উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ’বলগা হৈছে অঞ্চলটোৰ বৃহৎসংখ্যক ৰোগী ৷ উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ গা লৰাব পাৰিবনে নাই সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷

লগতে চাওকঃক'লা পতাকাৰ ত্ৰাসত শিৱসাগৰ আৱৰ্ত ভৱনত আৱদ্ধ তপন গগৈ

Intro:Body:জোনাইত স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা  / স্বাস্থ্য কৰ্মীয়ে বাৰাণ্ডাত বহি স্বাস্থ্য সেৱা অব্যাহত

জোনাই 2 জানুৱাৰী

ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অৱহেলাত এতিয়া ৰয়াংকুলি উপ - স্বাস্থ্য কেন্দ্ৰত গৰু ছাগলীৰ গোহালিসদৃশ পৰিবেশত স্বাস্থ্য কৰ্মীয়ে বাৰণ্ডতে চিকিৎসা  সেৱা আকবঢ়াবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । ধেমাজি জিলাৰ জনাইৰ ৰয়াংকুলি উপ - স্বাস্থ্য কেন্দ্ৰখন বছৰ বছৰ ধৰি মেৰামতীৰ অভাৱত চিলিং খহি কতমপি প্ৰাণ ৰক্ষা পৰে উপ - স্বাস্থ্য  কেন্দ্রখন কৰ্মৰত দুগৰাকী চিকিৎসা কৰ্মীয়ে। চৰকাৰ আৰু  স্বাস্থ্য বিভাগৰ চৰম হিমহিত উপ- স্বাস্থ্য    কেন্দ্ৰখনক কোনোদিনে পুনৰ মেৰামতি নকৰাত চিলিঙৰ লগতে জহি খহি গৈছে কেন্দ্ৰখন দুৱাৰ, খিৰিকি, ৱাল, ফ্লৰ আদিও। উপ- স্বাস্থ্য  কেন্দ্ৰ নহৈ যেন, পৰিণত হৈছিল ভূত বাংলালৈ। ইফালে উপ- স্বাস্থ্য কেন্দ্ৰখনত কৰ্মৰত দুগৰাকী স্বাস্থ্য  কৰ্মীয়ে জৰাজাৰ্ণী উপ- স্বাস্থ্য  কেন্দ্ৰনৰ চিলিং, ৱাল্ খহি পৰাৰ ভয়ত  বাৰণ্ডাত বহি ৰাইজক চিকিৎসা সেৱা আগ বঢ়াবলগীয়া অৱস্থা  হৈছে | জানিব পৰা মতে জোনাইৰ মহকুমাত স্বাস্থ্য     বিষয়াই বিভাগীয়  কৰ্তিপক্ষয় কেইবাৰো উপ- স্বাস্থ্য কেন্দ্ৰখনৰ মেৰামতি বাবে আবেদন কৰাৰ পিছতো  আজি পৰ্যন্ত বিভাগটোৱে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এনেদৰে স্বাস্থ্য কৰ্মীয়ে সকলে ভয় শংকা  লগতে দুখ লগাকৈ অব্যাহত ৰাখিছে স্বাস্থ্য সেৱা। গৰিষ্ঠসংখ্যক গ্ৰামাঞ্চলৰ দুখীয়া নিছলাৰ জৰাজাৰ্ণী উপ- স্বাস্থ্য এই শোচনীয় অৱস্থাই চকু কপালত উঠা পৰিলক্ষিত হৈছে । কিন্তু কিমান দিনলৈ চৰকাৰৰ বিয়াগোম বিভাগৰ এই অৱস্থাত ৰোগীয়ে জীৱন অতিবাহিত কৰিব সেয়াহে লক্ষণীয় বিষয়।

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.