ETV Bharat / state

Education system in Assam: বিকশিত অসমৰ নমুনা ! শিক্ষাৰ্থীক পঢ়াবলৈ আহি মজিয়াৰ পানী টুকিব লাগে শিক্ষকে - শিক্ষামন্ত্ৰী ৰণোজ পেগু

শিক্ষামন্ত্ৰীৰ গৃহ জিলাত বালিয়ে আধালৈকে পুতি থৈ যোৱা বিদ্যালয়ত এজাক মানৱ সম্পদৰ সুন্দৰ ভৱিষ্যৎ গঢ়াৰ কচৰৎ ৷ চিন্তিত বিদ্যালয়ৰ কৰ্তৃপক্ষ, অভিভাৱক ৷

Poor condition of govt school in Dhemaji
অসমৰ শিক্ষাখণ্ডৰ দুখলগা ছবি
author img

By

Published : Aug 8, 2023, 7:25 AM IST

অসমৰ শিক্ষাখণ্ডৰ দুখলগা ছবি

ধেমাজি, 8 আগষ্ট : শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ জিলাত ৰাজ্যৰ শিক্ষাখণ্ডৰ পঁয়ালগা স্বৰূপ ৷ 1980 চনতে স্থাপন হোৱা ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কামচি মধ্য ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে বিকশিত অসমৰ শিক্ষাখণ্ডৰ দুখলগা ছবিখন ৷ চৰকাৰৰ শিক্ষাবিভাগৰ সংস্কাৰমূলক আঁচনি আৰু গুণোৎসৱে কাহানিও স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই এইখন বিদ্যালয়ক ৷

পানী-বালিয়ে আধালৈকে পুতি থৈ যোৱা বিদ্যালয়খনৰ বাৰাণ্ডাৰ সন্মুখেদি এজাক বৰষুণ দিলেই পানী আৱদ্ধ হৈ ৰয় । আনকি বৰষুণ বেছি হ’লেই শ্ৰেণীকোঠাত পৰ্যন্ত পানী সোমায় বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ যিয়ে ব্যাহত কৰে পাঠদান ৷ তৎস্বত্বেও বালি মাটিৰ মজিয়াতেই দুচকুত অযুত স্বপ্ন লৈ এজাক কণ কণ শিক্ষাৰ্থীয়ে আহৰণ কৰিছে প্ৰাথমিক শিক্ষা ৷

52 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত বৰ্তমানেও শিক্ষক আৰু চকীদাৰৰ অভাৱ ৷ প্ৰধান শিক্ষকগৰাকীয়েও ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিছে কৰিছে ৷ আনফালে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে বদলি হৈছে অন্য বিদ্যালয়লৈ ৷ এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়ৰ সমস্ত কাম-কাজ ৷ আনকি শিক্ষকেই পালন কৰিবলগীয়া হয় চকীদাৰৰ কৰ্তব্য পৰ্যন্ত ৷

বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক-চকীদাৰ নিযুক্তি দিয়াৰ লগতে বিদ্যালয়ৰ মূল ভৱন, খেল পথাৰ উন্নতি, ৰান্ধনি গৃহ আৰু সীমা দেৱালৰ ব্যৱস্থা কৰি শৈক্ষিক পৰিৱেশ গঢ় দিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী , শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীক কাতৰে আহ্বান জনাইছে বিদ্যালয়ৰ কৰ্তৃপক্ষ, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিজেপি চৰকাৰখনে শিক্ষাখণ্ডত অভাৱনীয় সফলতা আনিবলৈ সক্ষম হোৱা বুলি দাবী কৰি অহাৰ সময়তে বানপীড়িত অঞ্চলৰ এইখন বিদ্যালয়ৰ প্ৰকৃত ছবিখনে উদঙাই দেখুৱাইছে ৰাজ্যৰ চৰকাৰীখণ্ডৰ নগ্ন স্বৰূপ ৷ আন্তঃগাঁথনিগত দিশত ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই যে ক্ৰমাৎ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমিছে সেয়া এনেবোৰ ছবিয়ে সঁচা বুলি প্ৰতিপন্ন কৰিছে ৷

লগতে পঢ়ক : Labour Electrocuted:বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যুৰ ঘটনাক গাপ দিয়া চেষ্টা কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.