ETV Bharat / state

Bamboo bridge at Jonai :জোনাইত জৰাজীৰ্ণ বাঁহৰ দলঙেই উন্নয়নৰ স্বৰূপ - Bamboo bridge at Jonai

ধেমাজি জিলাৰ জোনাইত বাঁহৰ দলঙৰে যাতায়াত ৰাইজৰ ৷ ইয়াৰ পিচতো চৰকাৰ তথা সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই যাতায়ৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে জোনাইৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গালী পালুং গাঁৱৰ ৰাইজে ৷

Bamboo bridge in Assam
বাঁহৰ দলঙৰে যাতায়াত ৰাইজৰ
author img

By

Published : Aug 5, 2023, 3:24 PM IST

বাঁহৰ দলঙৰে যাতায়াত ৰাইজৰ

জোনাই, ৫ আগষ্ট: ধেমাজি জিলাৰ জোনাইৰ গ্ৰাম্য অঞ্চলৰ যাতায়াত ব্যৱস্থা আজিও বিধ্বস্ত অৱস্থাতেই আছে । ইয়াৰ যাতায়াত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত উন্নয়ন হৈছে নে নাই । ধেমাজিৰ জোনাইৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গালী পালুং গাঁৱলৈ যোৱা বিধ্বস্ত পথৰ ওপৰত থকা কেইবাখনো জৰাজীৰ্ণ বাঁহৰ দলঙে উন্নয়ণৰ ফোঁপোলা স্বৰূপ উদঙাইছে । এই জৰাজীৰ্ণ বাঁহৰ দলং পাৰ হওঁতে যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে বুলি ৰাইজে আশংকা কৰিছে । কিন্তু যাতায়াতৰ কোনো বিকল্প ব্যৱস্থা নথকা পালুং গাঁৱৰ ৰাইজে বহিঃজগতৰে দৈনিক বিধ্বস্ত বাঁহৰ দলঙেৰে যোগাযোগ অব্যাহত ৰাখিবলৈ বাধ্য় হৈছে ৷ বিধ্বস্ত বাঁহৰ দলঙেৰে ৰোগীক চিকিৎসালয় লৈ নিয়াৰ ক্ষেত্ৰতো গালী পালুং গাঁৱৰ ৰাইজে চৰম যাতনা ভুগি আহিছে ৷

ইফালে,গাঁওখনত থকা গালী পালুং প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক বিপদ সংকুলভাৱে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিকৰী-শান্তিপুৰ হৈ গালী পালুং সুত্ৰধৰ গাঁও সংযোগী বিধ্বস্ত পথচোৱা মেৰামতি কৰি পথৰ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলঙৰ ঠাইত পকী কালভাৰ্ট নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বিধায়ক,পঞ্চায়ত প্ৰতিনিধি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্যক আবেদন কৰি অহাৰ পিছতো আজিকোপতি কোনো এগৰাকী প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে গালী পালুং গাঁৱৰ ৰাইজে ৷ ৰাইজে ব্য়ৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছে ।

প্ৰতি বছৰে গাঁওখনৰ ৰাইজে নিজেই বাঁহৰ দলং সমূহ কোনো মতে মেৰামতি কৰি যাতায়াত অব্যাহত ৰাখিছে বুলি একাংশ গঞাই ক্ষোভেৰে কয় ৷ বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি অহা গালী পালুং গাঁৱৰ ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলঙৰ পৰিৱৰ্তে পকী কালভাৰ্ট নিৰ্মাণ কৰিবলৈ বিধায়ক ভূৱন পেগু,মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা পঞ্চায়ত প্ৰতিনিধিসকলক দাবী জনাইছে ।

উল্লেখ্য় যে এই গাঁওখনলৈ গাড়ী অথবা এম্বুলেঞ্চ যোৱাতো দূৰৰে কথা, ঠেলা এখনো যাব নোৱাৰে একমাত্ৰ বিধ্বস্ত দলঙৰ বাবে । পথ আৰু দলং জৰাজীৰ্ণ অৱস্থাতে আছে যদিও অঞ্চলটোৰ যাতায়ত সুচল কৰাৰ স্বাৰ্থত দলংখন মেৰামতি অথবা পুনঃনিৰ্মাণ কৰাৰ বাবে জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

লগতে পঢ়ক:Amrit Bharat station scheme 2023:অমৃত ভাৰত ষ্টেচনলৈ উন্নীত হ’ব ডিফু ৰে’ল ষ্টেচন, উৎফুল্লিত ৰাইজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.