ETV Bharat / state

Jonai theft incident: চোৰে সৈ কঢ়াৰ পাচতো নাহিল আৰক্ষী; বিবুধিত ৰাইজ - চোৰক কাৰায়ত্ত কৰিবলৈ নাহে জোনাই আৰক্ষী

জোনাই পুৰণা জেলমত এটা চোৰক লৈ বিপাঙত পৰিছে গাঁৱৰ ৰাইজ ৷ চুৰিকাণ্ড কিয় আৰু কেনেকৈ সংঘটিত কৰিলে সেই সকলো কথা ৰাইজৰ আগত স্বীকাৰ কৰাৰ পিচতো আৰক্ষীয়ে চোৰক কৰায়ত্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত বিপাঙত পৰিছে ৰাইজে ৷

Jonai theft incident
আৰক্ষীয়ে চোৰক কৰায়ত্ত নকৰাৰ অভিযোগ
author img

By

Published : Aug 18, 2023, 11:15 AM IST

আৰক্ষীয়ে চোৰক কৰায়ত্ত নকৰাৰ অভিযোগ

জোনাই, ১৮ আগষ্ট : এটা চোৰক লৈ বিপাঙত পৰিছে এখন গাঁৱৰ ৰাইজে ৷ চোৰে নিজৰ চুৰিকাণ্ডৰ সকলো কথা ৰাইজৰ আগত স্বীকাৰ কৰাৰ পিচতো আৰক্ষীয়ে চোৰটোক কৰায়ত্ত নকৰাৰ অভিযোগ তৰিছে গাঁওবাসীয়ে ৷ আৰক্ষীৰ স্থিতিক লৈ বিপাঙত পৰিছে এতিয়া ৰাইজে ৷ এই ঘটনাটো সংঘটিত হৈছে জোনাই পুৰণা জেলমত ৷

স্থানীয় লোকে উল্লেখ কৰা মতে, জোনাইৰ পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ত চাৰিবাৰকৈ চুৰি হৈছিল মধ্যাহ্ন ভোজনৰ চাউল ৷ এবাৰ-দুবাৰ নহয় চাৰিবাৰকৈ চাউল চুৰি হোৱাত চিন্তিত হৈ পৰিছে স্কুল কৰ্তৃপক্ষ ৷ তাৰ পাচতে স্কুল কৰ্তৃপক্ষই স্থানীয় লোকৰ লগতে খবৰ দিয়ে গাঁওৰক্ষী বাহিনীক ৷

পৰৱৰ্তী পৰ্যায়ত গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ যুৱকৰ তৎপৰতাত বুধবাৰে নিশা আটক কৰে এটা চোৰক ৷ অভিযুক্ত এই চোৰটোৰ নাম যোগেশ পাইত ওৰফে কাঃগে পাইত বুলি জানিব পৰা হৈছে ৷ ইফালে গাঁওবাসীৰ লগতে সংবাদ মাধ্যমৰ আগতো অভিযুক্ত যোগেশ পাইতে জোনাইৰ পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ত চাৰিবাৰকৈ চাউল চুৰি কৰিছিল বুলি উল্লেখ কৰে ৷

ইয়াৰ পাচতে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জোনাই আৰক্ষীক অৱগত কৰে ৷ কিন্তু ৰাইজৰ অভিযোগক জোনাই আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে বৃস্পতিবাৰে পুৰণা জেলম গাঁৱৰ মুৰং ঘৰত ৰাইজে অভিযুক্ত চোৰক লৈ এক ৰাজহুৱা মেলতো বহে ৷ এই ৰাজহুৱা মেলতে অভিযুক্তটোৱে ড্ৰাগছ সেৱনৰ বাবেই পইচাৰ অভাৱত এই চুৰিকাণ্ড সংঘটিত কৰিছে বুলি উল্লেখ কৰে ৷

আনকি চাউল চুৰি কৰাই নহয়, অভিযুক্তটোৰ বিৰুদ্ধে আছে কেতবোৰ গুৰুতৰ অভিযোগ ৷ জোনাই আৰক্ষীয়ে এই চুৰিকাণ্ড সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ হেতুকে ধেমাজিৰ আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ অনুৰোধ জনাইছে অসম-অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলেমবাসী ৰাইজে ৷

লগতে পঢ়ক : ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.